দিল্লী-এনচিআৰত প্ৰচণ্ড বৰষুণৰ ফলত চাৰিজনৰ মৃত্যু, বিমান আৰু ৰে’ল সেৱা ব্যাহত 

images 14

Delhi-NCR: প্ৰচণ্ড বৰষুণৰ লগতে প্ৰচণ্ড বতাহ।বিধ্বস্ত হৈ পৰিছে ৰাজধানী দিল্লী আৰু ৰাজধানীৰ কাষৰীয়া অঞ্চলসমূহ । বিগত ২৪ ঘন্টাত দিল্লী-এনচিআৰত দুৰ্যোগৰ বাবে চাৰিজন লোকে প্ৰাণ হেৰুৱাইছে।

ADVERTISEMENT

বিমান আৰু ৰেল সেৱাত ব্যাঘাত জন্মিছে।পানী জমা হোৱাৰ বাবে বহুতো ৰাস্তা প্ৰায় বন্ধ হৈ আছে।

শুকুৰবাৰে পুৱাই ৰাজধানীত ধুমুহা বতাহ বলিবলৈ আৰম্ভ কৰে। যিটোৱে পাছলৈ কাৰ্যতঃ ঘূৰ্ণীবতাহৰ ৰূপ লয়। প্ৰগতি ময়দান অঞ্চলত পুৱা ধুমুহাৰ সৰ্বোচ্চ গতিবেগ প্ৰতি ঘণ্টাত ৭৮ কিলোমিটাৰ। আন অঞ্চলতো ধাৰাসাৰ বৰষুণ দি আছে।

দিল্লীৰ দ্বাৰকাত প্ৰচণ্ড বতাহত এটা ঘৰ ভাঙি পৰিল। ঘৰৰ ভিতৰত তিনিটা শিশু আৰু এগৰাকী মহিলা আছিল। চাৰিওজন লোকৰ মৃত্যু হয়।

বৰষুণৰ ফলত বহু ৰাস্তা-ঘাটত পানী জমা হৈ পৰিছে। ধাৰাসাৰ বৰষুণৰ ফলত লাজপট নগৰ, আৰ কে পুৰম আৰু দ্বাৰকাত পানী জমা হৈছে।

ফলস্বৰূপে বাছ আৰু অটো চলাত সমস্যাৰ সৃষ্টি হৈছে । বহু ঠাইত ৰে’লৰ লাইনতো পানী জমা হয়। ফলত ৰেল সেৱা আংশিকভাৱে বন্ধ হৈ পৰে।

অৱশ্যে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে বিমান সেৱা। বিমানবন্দৰৰ বিভিন্ন ঠাইত পানী জমা হৈ পৰিছে। যাৰ বাবে আজি ৮০-১০০ বিমান দেৰিকৈ চলি আছে। আনহাতে দিল্লী অভিমুখী ৪০খন বিমান ডাইভাৰ্ট কৰা হৈছে।

অৱশ্যে বতৰ বিজ্ঞান বিভাগে ইতিমধ্যে এনে হ’ব পাৰে বুলি ভৱিষ্যদ্বাণী কৰিছিল। ইতিমধ্যে দিল্লীত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। বিমান যাত্ৰীসকলকো আগতীয়াকৈ সকীয়াই দিয়া হয়। বিমান সংস্থাসমূহৰ ৱেবছাইটসমূহৰ ওপৰত নজৰ ৰাখিবলৈ অনুৰোধ কৰা হৈছিল।

Exit mobile version