‘সন্ত্ৰাসবাদৰ স’তে পাকিস্তানৰ জড়িততা কোনো গোপন কথা নহয়’

বিস্ফোৰক দাবী বিলোৱাল ভুট্টোৱৰ

images 4

Bilawal Bhutto:ইছলামবাদে বিভিন্ন সন্ত্ৰাসবাদী সংগঠনক আৰ্থিক সহায় আগবঢ়ায়। এই অভিযোগ আজিৰ নহয়। কিন্তু এইবাৰ পাকিস্তানৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী তথা পাকিস্তান পিপলছ পাৰ্টিৰ মুৰব্বী বিলোৱাল ভুট্টোৱে পোনপটীয়াকৈ মানি ল’লে এই অভিযোগ ।

ADVERTISEMENT

সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত তেওঁ জনালে, পাকিস্তানৰ এই অতীত কোনো ‘ছিক্ৰেট’ তথা গোপন নহয়।

তেওঁ কয়,”প্ৰতিৰক্ষা মন্ত্ৰীয়ে যি কৈছে, মই নাভাবো যে পাকিস্তানৰ অতীতৰ সম্পৰ্কে কোনো গোপনীয়তা আছে। ইয়াৰ ফলত, আমি কষ্ট পাইছোঁ । পাকিস্তান ক্ষতিগ্ৰস্ত হৈছে। আমি এটাৰ লাষ্ট এটা উগ্ৰবাদৰ মাজেৰে পাৰ হ’ব লগা হৈছে। কিন্তু আমি যি ভুগিছো তাৰ ফলস্বৰূপে আমি শিক্ষাও পাইছোঁ । আমি এই সমস্যাৰ মোকাবিলা কৰিবলৈ আভ্যন্তৰীণ সংস্কাৰৰ মাজেৰে গৈছো। ”

কিন্তু তেওঁ তেতিয়াও পাকিস্তানক সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক বুলি মানি ল’বলৈ অস্বীকাৰ কৰিছিল। ভুট্টোৱে কয়, “এয়া ইতিহাস।” আৰু ইতিহাসৰ অৰ্থ এইটো নহয় যে আমি আজিও কৰি আছো। কিন্তু আমি মানি ল’ব লাগিব যে এইটো আমাৰ ইতিহাসৰ এক দুৰ্ভাগ্যজনক অংশ।’

উল্লেখ্য যে , বিগত ২২ এপ্ৰিলত পহলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত ২৭ জনলোক নিহত হয়। লস্কৰ-ই-তৈবাৰ ছা সংগঠন টিআৰএফে প্ৰথমতে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছিল যদিও পাছত ইয়াক অস্বীকাৰ কৰিছিল।

Exit mobile version