উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

দৈনন্দিন কৰক এই পাঁচটা কাম , চাব আপোনাৰ মনলৈ শান্তি ঘূৰি আহিছে 

earth day

শৰীৰক সুস্থ কৰি ৰখাৰ চাবিকাঠি নিহিত হৈ আছে মানসিক স্বাস্থ্যৰ ভিতৰত। গতিকে সকলোৱে মানসিক স্বাস্থ্যৰ কথা চিন্তা কৰাৰ সময় আহি পৰিছে। বহুতে মানসিক স্বাস্থ্যৰ কথা নাভাবে কাৰণ তেওঁলোকে ভাবিছে যে ইয়াৰ বাবে অতিৰিক্ত ধন খৰচ হ’ব বা ভুল ধাৰণাৰ বাবে। ফলত অতি সোনকালে সমস্যাৰ সৃষ্টি হয়। যাৰ প্ৰভাৱ শাৰীৰিক দিশতো পৰে। গতিকে দৈনন্দিন জীৱনত এনে কিছুমান কাম নিয়মিতভাৱে কৰা উচিত যিবোৰে আপোনাক মানসিকভাবে সুস্থ হৈ থকাত সহায় কৰে।

সৃষ্টিশীল কিবা এটা কৰকঃ চিত্র অংকন, গায়ন, কবিতা লিখা, বাদ্যযন্ত্র বজোৱা বা আন যিকোনো সৃষ্টিশীল কামত নিজকে লিপ্ত কৰক। এই ধৰণৰ কামে মনলৈ আনন্দ কঢ়িয়াই আনে আৰু মানসিক চাপ কমোৱাত সহায় কৰে।

প্রকৃতিৰ মাজত সময় কটাব: বাগিচা, পার্কত খোজ কঢ়া বা আন প্রাকৃতিক পৰিৱেশত কিছু সময় কটাব। প্ৰকৃতিৰ শান্ত আৰু নিশ্চিন্ত মনলৈ শান্তি আনে আৰু মানসিক চাপ কমায়। আনক সহায় কৰা: স্বেচ্ছাসেবী বা আন কোনো ধৰণে দাতব্য কাম কৰা। আনৰ বাবে ভাল কাম কৰিলে নিজৰ ভিতৰতে ইতিবাচক অনুভূতিৰ সৃষ্টি হয় আৰু মানসিক সন্তুষ্টি বৃদ্ধি পায়।

নতুন কিবা এটা শিকিব পৰা: নতুন ভাষা শিকা, বাদ্যযন্ত্র বজাবলৈ শিকা বা যিকোনো নতুন বিষয়ৰ জ্ঞান আহৰণ কৰাটো সু-মানসিক স্বাস্থ্য বজাই ৰখাৰ বাবে অতি উপকাৰী। নতুন কিবা এটা শিকিলে মগজুৰ কার্য ক্ষমতা বৃদ্ধি পায় আৰু আত্মবিশ্বাস গঢ়ি তোলে, যাৰ ফলত মানসিক স্বাস্থ্যৰ উন্নতি হয়।

নিজৰ প্ৰতি দয়ালু হওক: নিজৰ ভুল বা দুৰ্বলতাৰ বাবে নিজকে ক্ষমা কৰি নিজৰ প্ৰতি দয়ালু হওক। কঠিন সময়ত নিজকে বন্ধুৰ দৰে ব্যৱহাৰ কৰক। নিজৰ যত্ন লোৱা আৰু নিজৰ প্রতি দয়ালু হোৱাটো মনৰ শান্তিৰ বাবে অতি প্রয়োজনীয়।

Exit mobile version