পাকিস্তানৰ পৰা অহা চিঠি বা পাৰ্চেল ভাৰতত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব!

ইছলামবাদৰ বিৰুদ্ধে নতুন দিল্লীৰ আন এক পদক্ষেপ

1746268799 postal service

Pakistan : পাকিস্তানৰ পৰা ডাকযোগে আৰু কোনো চিঠি বা পাৰ্চেল ভাৰতলৈ প্ৰেৰণ কৰিব নোৱাৰিব।শনিবাৰে জাৰি কৰা এক বিজ্ঞপ্তি যোগে ভাৰতৰ যোগাযোগ মন্ত্ৰালয়ে এই কথা প্ৰকাশ কৰিছে ।

ADVERTISEMENT

বিজ্ঞপ্তি অনুসৰি, বিমান বা স্থলপথেৰে পাকিস্তানৰ পৰা সকলো চিঠি আৰু পাৰ্চেলৰ প্ৰৱেশ স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে। শুকুৰবাৰে নিশা জাৰি কৰা এক জাননীত বাণিজ্য মন্ত্ৰালয়ে কয় যে পাকিস্তানী সামগ্ৰীসমূহ আৰু দেশলৈ আমদানি কৰিবলৈ অনুমতি দিয়া নহ’ব।

শনিবাৰে পুৱা, সিদ্ধান্ত লোৱা হয় যে পাকিস্তানৰ পতাকা থকা কোনো মালবাহী জাহাজক ভাৰতীয় বন্দৰত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহ’ব।

পহলগামৰ কাণ্ডৰ উত্তেজনাৰ মাজতে ইছলামাবাদৰ বিৰুদ্ধে আন এক কূটনৈতিক পদক্ষেপ গ্ৰহণ কৰিছে ভাৰতে।

বিগত ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰে। উগ্ৰপন্থীৰ আক্ৰমণত কমেও ২৬ জন লোক নিহত হয়।

অৱশ্যে, পাকিস্তানে আৰম্ভণিৰে পৰা এই অভিযোগ অস্বীকাৰ কৰিছে। এই পৰিস্থিতিত, ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কেবাটাও কূটনৈতিক পদক্ষেপ গ্ৰহণ কৰিছে।

সিদ্ধু জল চুক্তি স্থগিত ৰখাৰ পৰা পাকিস্তানীসকলৰ ভিছা বাতিল কৰালৈকে পাকিস্তানৰ বাবে ভাৰতীয় আকাশসীমা বন্ধ কৰাকে ধৰি কেবাটাও পদক্ষেপ ঘোষণা কৰা হৈছে। বন্ধ কৰি দিয়া হৈছে আটাৰী সীমান্তও ।

ইফালে পাকিস্তানেও যোৱা সপ্তাহত ভাৰতৰ বিৰুদ্ধে কেবাটাও ব্যৱস্থা ঘোষণা কৰিছে।

Exit mobile version