অধিকৃত কাশ্মীৰৰ বাবে দুমাহৰ আটা-ময়দা মজুত কৰিছে পাকিস্তানে!

‘যুদ্ধকালীন তৎপৰতা’ ইসলামাবাদৰ 

1746337881 pak 1

Pakistan: স্থানীয় প্ৰশাসনে পাকিস্তান অধিকৃত কাশ্মীৰৰ বৃহৎ অংশত ঘেঁহুৰ আটা মজুত কৰা আৰম্ভ কৰিছে। এটা জৰুৰীকালীন পুঁজিও স্থাপন কৰা হৈছে।

ADVERTISEMENT

সামৰিক অভিযানৰ সম্ভাৱনা থকা ঠাইবোৰ চিনাক্ত কৰা হৈছে। তথ্য অনুসৰি সংবেদনশীল এলেকাত আটা সংৰক্ষণ কৰা হৈছে। পাকিস্তানৰ সংবাদ মাধ্যম ড’নে প্ৰশাসনিক বিষয়াৰ উদ্ধৃতি দি প্ৰকাশ কৰা অনুসৰি চিনাক্ত কৰা অঞ্চলসমূহত কমেও দুমাহৰ খাদ্য মজুত কৰা হৈছে। এই কাৰ্যকলাপৰ কাৰণ স্পষ্ট নহয়।

পাকিস্তান দখলত থকা কাশ্মীৰৰ খাদ্য বিভাগে আটাৰ মজুত বৃদ্ধি কৰিছে। মূলতঃ নিয়ন্ত্ৰণ ৰেখাৰ কাষৰীয়া অঞ্চলত খাদ্য মজুত কৰা হৈছে। ভাৰত আৰু পাকিস্তানী সেনাৰ অতি সক্ৰিয়তাৰ বাবে বিগত কিছুদিন ধৰি নিয়ন্ত্ৰণ ৰেখাত উত্তেজনা সৃষ্টি হৈছে।

অভিযোগ অনুসৰি প্ৰতি নিশা পাকিস্তানী সেনাই যুদ্ধবিৰতি চুক্তি উলংঘা কৰি ভাৰতীয় ঘাটিত গুলীচালনা কৰি আছে। ক্ষুদ্ৰ অস্ত্ৰ ব্যৱহাৰ কৰি গুলীচালনা কৰা হৈছে। ভাৰতেও একেধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ব্যতিক্ৰম নাছিল শনিবাৰৰ নিশাও।

এই অবাহত নিয়ন্ত্ৰণ ৰেখাৰ কাষৰীয়া অঞ্চলত খাদ্য জমা হোৱাত জল্পনা-কল্পনা বৃদ্ধি পাইছে।

নিয়ন্ত্ৰণ ৰেখাৰ কাষত পাকিস্তান অধিকৃত কাশ্মীৰৰ বহুতো অংশ দুৰ্গম আৰু বৰফৰে আবৃত। সেই এলেকাবোৰত, স্থানীয় খাদ্য বিভাগে সদায়ে আগতীয়াকৈ খাদ্য সংৰক্ষণ কৰে।

ডিচেম্বৰৰ পৰা মে মাহলৈ প্ৰতি ১৫ দিনত এই অংশত খাদ্য সংৰক্ষণ কৰা হয়। কিন্তু সংবাদ মাধ্যমৰ তথ্য অনুসৰি, এই অঞ্চলবোৰৰ বাহিৰত এটা ডাঙৰ অংশ চিনাক্ত কৰা হৈছে আৰু তাত আটা সংৰক্ষণৰ কাম চলি আছে।

পাকিস্তান অধিকৃত কাশ্মীৰৰ প্ৰধানমন্ত্ৰী চৌধুৰী আনোৱাৰুল হকৰ নিৰ্দেশত এই কাম আৰম্ভ হৈছে। খাদ্য বিভাগৰ মুৰব্বী চৌধুৰী আকবৰ ইব্ৰাহিমে সংবাদ মাধ্যমক কয়, “প্ৰধানমন্ত্ৰীৰ নিৰ্দেশনা অনুসৰি আমি নিয়ন্ত্ৰণ ৰেখাৰ কাষৰীয়া এলেকাসমূহত কমেও দুমাহৰ বাবে আটা সংৰক্ষণ কৰাটো নিশ্চিত কৰিবলৈ কাম আৰম্ভ কৰিছো।” প্ৰশাসনেও খাদ্যৰ দোকানৰ সুৰক্ষাৰ বাবে পদক্ষেপ লৈছে।

উল্লেখ্য যে,সাধাৰণ লোকসকলৰ মাজত খাদ্যৰ কোনো অভাৱ নোহোৱাটো নিশ্চিত কৰাৰ বাবে এই পদক্ষেপ লোৱা হৈছে, বিষয়াজনে জনাই।

বৃহস্পতিবাৰে পাকিস্তান অধিকৃত কাশ্মীৰৰ প্ৰধানমন্ত্ৰীয়ে দেশৰ আইনসভাক কয় যে সীমান্তৰ উত্তেজনাৰ পৰিপ্ৰেক্ষিতত এক বিশেষ পুঁজি স্থাপন কৰা হৈছে।

পুঁজিবোৰ জৰুৰী কালীন ভিত্তিত খাদ্য, ঔষধ আৰু অন্যান্য প্ৰয়োজনীয়তাৰ বাবে ব্যৱহাৰ কৰা হ’ব। নীলুম, ঝিলাম উপত্যকা, হাভেলি, পুঞ্চ, কোটলী আৰু ভীম্ৰআদি জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ কাষৰ অঞ্চলসমূহৰ বাবে পুঁজি প্ৰস্তুত কৰা হৈছে।

কেইদিনমান আগতে, প্ৰশাসনে এই অঞ্চলবোৰৰ সাধাৰণ লোকসকলক খাদ্য জমা কৰিবলৈ পৰামৰ্শ দিছিল। ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণ সংঘটিত হয়।

ভাৰত চৰকাৰে ইয়াৰ বাবে পাকিস্তানক দোষাৰোপ কৰি কেবাটাও পদক্ষেপ লৈছে। পাকিস্তানেও নতুন দিল্লীৰ বিৰুদ্ধে কেবাটাও পদক্ষেপ লৈছে। দুয়োখন দেশৰ মাজত বাণিজ্য বন্ধ হৈছে।

এই পৰিস্থিতিত,ভাৰত-পাকিস্তানৰ সম্পৰ্কৰ অৱনতি অব্যাহত আছে। নিয়ন্ত্ৰণ ৰেখাত দৈনিক গুলীচালনা হয়। ইফালে, পাকিস্তানে সীমান্তত খাদ্যসামগ্ৰী বৃদ্ধি কৰিছে।

Exit mobile version