কাশ্মীৰত নিয়ন্ত্রণ হেৰুৱাই খাৱৈত পৰিল বাছ

ঘটনাস্থলীত মৃত দুই, আহত কমেও ৪৪ জন

images 10 1

Jammu and Kashmir: জম্মু-কাশ্মীৰত নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰি পৰে এখন বাছ। মঙলবাৰে পুৱা পুঞ্চ জিলাত সংঘটিত হয় এই দুৰ্ঘটনা। থিতাতে দুজন লোকৰ মৃত্যু হয়। আহত হয় ৪৪ জন যাত্ৰী। তথ্য অনুসৰি, বাছখন আজি পুৱা ঘান্তিৰ পৰা মেন্ধৰ অভিমুখে গৈ আছিল ।

অনুমানিক ন বাজি ২০ মিনিটত চালকজনে হঠাতে নিয়ন্ত্ৰণ হেৰুৱায় আৰু বাছখন খাৱৈত পৰি যায়।

দুৰ্ঘটনাটোৰ পাছত, প্ৰাথমিকভাৱে স্থানীয় লোকে উদ্ধাৰ অভিযান আৰম্ভ কৰে। পাছত আৰক্ষী, সেনা আৰু চিআৰপিএফৰ জোৱান ঘটনাস্থলীত উপস্থিত হয়।

আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয়। মৃত দুজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

চিকিৎসালয়ৰ সূত্ৰ অনুসৰি, আহতসকলৰ ভিতৰত নজনৰ অৱস্থা সংকটজনক। ফলস্বৰূপে, মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে।

Exit mobile version