ভাৰতে যিকোনো সময়তে আক্ৰমণ কৰিব পাৰে!

পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ মন্তব্যত আতংকিত হৈ পৰিছে পাকিস্তান

images 7 2

Pakistan Defence Minister: পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত প্ৰতিশোধ আশংকাত ভুগিছে পাকিস্তান। চুবুৰীয়া দেশৰ কেবাজনো মন্ত্ৰীৰ মন্তব্যত ইতিমধ্যে এনে ধৰণৰ ইঙ্গিত পোৱা গৈছে। এনে পৰিপ্ৰেক্ষিতত সোমবাৰে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ এক বক্তব্য পোহৰলৈ আহে।

ADVERTISEMENT

ভাৰতে যিকোনো সময়তে আক্ৰমণ কৰিব পাৰে বুলি তেওঁ আশংকা প্ৰকাশ কৰে । একে সময়তে, পাকিস্তানী মন্ত্ৰীয়ে ভাৰতে পাকিস্তানক ক’ত আঘাত কৰিব পাৰে সেই বিষয়েও অৱগত কৰিছে।

পাকিস্তানী মন্ত্ৰীজনে ইছলামাবাদত সাংবাদিকক জনাই যে ভাৰতে নিয়ন্ত্ৰণ ৰেখাৰ (এলঅ’চি) কাষত আক্ৰমণ কৰিব পাৰে। তেওঁৰ কথাত,”ভাৰতে যিকোনো সময়তে এলঅ’চিৰ যিকোনো অংশত আক্ৰমণ কৰিব পাৰে বুলি খবৰ পোৱা গৈছে। অৱশ্যে যদি তেনেকুৱা হয় তেন্তে ভাৰতক উপযুক্ত উত্তৰ দিয়া হ’ব।”

এই মন্তব্যৰ পৰা এইটোও স্পষ্ট যে পাকিস্তানে প্ৰতিশোধৰ সময় গণনা কৰা আৰম্ভ কৰিছে।

পহলগাম আক্ৰমণৰ পাছত এইবাৰ প্ৰথম নহয় যে কোনো পাকিস্তানী মন্ত্ৰীয়ে প্ৰতিশোধৰ আশংকা প্ৰকাশ কৰিছে। বিগত সপ্তাহত পাকিস্তানৰ তথ্য প্রযুক্তি মন্ত্রী আটা তাৰাৰে আশংকা কৰিছিল যে ভাৰতে আগন্তুক ২৪ৰ পৰা ৩৬ ঘণ্টাৰ ভিতৰত যিকোনো সময়তে পাকিস্তানক আক্রমণ কৰিব পাৰে৷

ইফালে, সোমবাৰে ভাৰতৰ গৃহ মন্ত্ৰালয়ে জাৰি কৰিলে এক নতুন নিৰ্দেশনা। সেই নিৰ্দেশনাত কেইবাখনো ৰাজ্যক ৭ মে’ত যুদ্ধৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ অনুশীলন চলাবলৈ নিৰ্দেশ দিয়া হৈছে।

Exit mobile version