‘১০০০ ডলাৰ লওক, আমেৰিকা এৰি যাওক’

অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়নৰ বাবে ট্ৰাম্পৰ নতুন প্ৰস্তাৱ

trump cover 1

Doland Trump: অবৈধ বাসিন্দাসকলক বিতাড়িত কৰিবলৈ এটা নতুন প্ৰস্তাৱ আগবঢ়াইছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। হোৱাইট হাউচে স্বেচ্ছাই আমেৰিকা ত্যাগ কৰা অবৈধ অনুপ্ৰৱেশকাৰীসকলক ১০০০ ডলাৰ অনুদান ঘোষণা কৰিছে।

ADVERTISEMENT

যিটো ভাৰতীয় মুদ্ৰাত প্ৰায় ৮৫ হাজাৰ টকা।স্বেচ্ছাই নগৈ পাছত ধৰা পৰিলে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনে।

এই সন্দৰ্ভত সোমবাৰে হোয়াইট হাউছৰ গৃহ নিৰাপত্তা বিভাগে এক বিবৃতি প্ৰকাশ কৰে।

তাত কোৱা হৈছে যে, “যদি কোনো অবৈধ বাসিন্দাই চিবিপি হোম নামৰ এপৰ জৰিয়তে চৰকাৰক জনাই দিয়ে যে তেওঁলোকে দেশলৈ উভতি যোৱাৰ পৰিকল্পনা কৰিছে, তেন্তে চৰকাৰে তেওঁলোকৰ কাষত থিয় দিব।

সংশ্লিষ্ট ব্যক্তিক নিৰাপত্তাৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰে। বিতাড়নৰ তালিকাৰ পৰাও তেওঁৰ নাম আঁতৰোৱা হ’ব।ইয়াৰ উপৰিও, প্ৰশাসনে তেওঁক দেশলৈ উভতি যাবলৈ এহেজাৰ ডলাৰ আগবঢ়াব। ”

এই সন্দৰ্ভত গৃহ নিৰাপত্তা বিভাগৰ মুৰব্বী ক্ৰীষ্টি ন’মে কয় যে, “যদি আপুনি আমেৰিকাত অবৈধভাৱে বাস কৰি আছে আৰু গ্ৰেপ্তাৰৰ পৰা হাত সাৰিব বিচাৰে, তেন্তে এইটোৱেই একমাত্ৰ উপায়। তৰ্কহীনভাৱে ই আমেৰিকাৰ পলায়নৰ আটাইতকৈ নিৰাপদ উপায়।”

“গৃহ নিৰাপত্তা বিভাগেও চিবিপি এপৰ জৰিয়তে অবৈধ অনুপ্ৰৱেশকাৰীক ঘৰলৈ উভতি যাবলৈ আগতীয়া ধন প্ৰদান কৰিছে।”

মন কৰিবলগীয়া যে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ কিছু সময়ৰ পাছতে ট্ৰাম্প প্ৰশাসনে দেশৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰাৰ সিদ্ধান্ত লয়। সেই উদ্দেশ্যে ইতিমধ্যে হেজাৰ হেজাৰ অবৈধ বাসিন্দাক বিমানেৰে নিজ নিজ দেশলৈ ঘূৰাই পঠিওৱা হৈছে। অবৈধভাৱে আমেৰিকাত বসবাস কৰা ভাৰতীয়সকলক বাদ দিয়া হোৱা নাই।

Exit mobile version