ৰেবিজৰ ভেকচিন লোৱাৰ পিছতো মৃত্যু কেৰালাৰ কিশোৰী !

এমাহত তিনিজন লোকৰ মৃত্যুয়ে আতংক বিয়পাইছে

1746523714 kerela girl

Rabies : ৰেবিজৰ ভেকচিন লোৱাৰ পাছতো কেৰালাত মৃত্যু হয় এগৰাকী কিশোৰীৰ। সেই মৃত্যুক কেন্দ্ৰ কৰি এতিয়া কেৰালাত বিভিন্ন প্ৰশ্নৰ উত্থাপিত হ’বলৈ আৰম্ভ কৰিছে। একে সময়তে বৃদ্ধি পাইছে উদ্বেগও।

ADVERTISEMENT

স্থানীয় সূত্ৰৰ তথ্য অনুসৰি সোমবাৰে নিয়া ফৈছাল নামৰ এগৰাকী সাত বছৰীয়া কিশোৰীৰ মৃত্যু হয়। তেওঁ কোল্লাম জিলাৰ পাঠানাপুৰমৰ বাসিন্দা।

উল্লেখ্য যে,আঠ এপ্ৰিলত ঘৰৰ বাহিৰত খেলি আছিল নিয়া।সেই সময়ত এটা বিপথগামী কুকুৰে নিয়াক আক্ৰমণ কৰে। ইয়াৰ পাছতে নিয়াক চিকিৎসালয়লৈ লৈ যোৱা হয়।

পৰিয়ালৰ সূত্ৰই জনোৱা অনুসৰি, চিকিৎসালয়ৰ পৰাই নিয়াক ৰেবিজৰ ভেকচিন দিয়া হৈছিল।

কিন্তু অভিযোগ, তাৰ পাছতে নিয়া জ্বৰত আক্ৰান্ত হয়। জ্বৰৰ কাৰণ জানিবলৈ পৰীক্ষা কৰা হয়। তেতিয়া প্ৰকাশ পাই যে নিয়া জলাতঙ্কত আক্ৰান্ত হৈছে।

তেওঁক পৰিয়ালে তিৰুৱন্তপুৰমৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱাই যদিও চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয়। চিকিৎসকসকলে জনাইছে যে কুকুৰে কামোৰৰ ফলত নিয়াৰ স্নায়ুতন্ত্ৰ ক্ষতিগ্ৰস্ত হৈছিল।

তাৰ পৰাই, ভাইৰাছটো মেৰুদণ্ড আৰু মগজুলৈ বিয়পি পৰে। দ্ৰুত সংক্ৰমণ আৰু ভাইৰাছৰ বিস্তাৰৰ ফলত কিশোৰীগৰাকীৰ মৃত্যু হয়। এমাহত তিনিটা জলাতঙ্কৰ মৃত্যুয়ে ৰাজ্যখনত উদ্বেগ বৃদ্ধি কৰিছে।

Exit mobile version