উত্তৰাখণ্ডত ভাঙি পৰিল হেলিকপ্টাৰ ,মৃত্যু চাৰি পর্যটকৰ!

Untitled 1 24

Uttarakhand: যাত্ৰীৰ স’তে ভাঙি পৰিল হেলিকপ্টাৰ । বৃহস্পতিবাৰে পুৱা উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাত সংঘটিত হৈছে এই দুৰ্ঘটনা । ঘটনাস্থলীত চাৰিজন পৰ্যটকৰ মৃত্যু হয়।

আন দুজন আহত ।ঘটনাটোত শোক প্ৰকাশ কৰিছে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে ।

তথ্য অনুসৰি,আজি পুৱা হেলিকপ্টাৰখন ডেৰাডুনৰ পৰা হাৰ্চিল হেলিপেডলৈ উৰা মাৰিছিল। হেলিকপ্টাৰখনৰ ভিতৰত মুঠ ছয়জন যাত্ৰী আছিল।

হেলিকপ্টাৰখন কিছু দূৰ যোৱাৰ পাছতে হঠাৎ নিয়ন্ত্ৰণ হেৰুৱায় উত্তৰকাশী জিলাত দুৰ্ঘটনাগ্ৰস্ত হয়। কিন্তু এই ঘটনা কিয় হ’ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

Exit mobile version