কেৱল ভাৰতৰ বাবেই নহয় সকলো দেশৰ বাবেই পাকিস্তানে বন্ধ কৰিছে নিজৰ আকাশমাৰ্গ !

images 15

Pakistan : ভাৰতীয় বায়ু সেনাই পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ কে’বাটাও উগ্ৰপন্থী ঘাটিত আক্ৰমণ চলায় একাধিক ঘাটি ধ্বংস কৰে ।ভাৰতৰ প্ৰতিশোধৰ পাছত পাকিস্তানে সকলো দেশৰ বাবে নিজৰ আকাশমাৰ্গ বন্ধ কৰি দিয়ে।

পহলগাম আক্ৰমণৰ পাছত, ভাৰতে পাকিস্তানৰ বিৰুদ্ধে মাত মাতিবলৈ আৰম্ভ কৰে।এই আক্ৰমণৰ বাবে ইছলামাবাদক দোষাৰোপ কৰে ভাৰতে ।

একে সময়তে, ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কেবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। তাৰ পাছত, পাকিস্তানেও প্ৰতিশোধৰ পথত আগ বাঢ়িছে। তেওঁলোকে ভাৰতীয় বিমানৰ বাবে ইয়াৰ আকাশসীমা বন্ধ কৰি দিছে।

মঙলবাৰে মাজনিশা ভাৰতৰ প্ৰতিশোধৰ পাছত পাকিস্তানে সকলো দেশৰ বাবে পাকিস্তানৰ আকাশসীমা সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে। ইছলামাবাদে জনাই যে এই সিদ্ধান্তটো ৪৮ ঘণ্টাৰ বাবে লোৱা হৈছিল।

পাকিস্তান অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষই পাকিস্তানত অহা ৪৮ ঘণ্টাৰ বাবে ‘ন’ ফ্লাই জ’ন’ ঘোষণা কৰি এক নিৰ্দেশ জাৰি কৰিছে। এই সিদ্ধান্ত সতৰ্কতামূলক ব্যৱস্থা হিচাপে ঘোষণা কৰা হৈছে। কেৱল কিছুমান অত্যাৱশ্যকীয় বিমানৰ ৰেহাই দিয়া হ’ব!

সাৱধানতামূলক ব্যৱস্থা ৰখা স্বত্বেও, সামৰিক বিশেষজ্ঞই পাকিস্তানৰ ‘প্ৰতিশোধ’ৰ সম্ভাৱনা অস্বীকাৰ কৰা নাই।

Exit mobile version