Bharalu River:
মহানগৰীৰ মাজৰে বৈ যোৱা ভৰলু নৈ ক্ৰমাৎ হৈ আহিছে সংকুচিত ৷ আৱৰ্জনাৰে ভৰি পৰিছে নৈ খনৰ প্ৰায়বোৰ অংশ । জাৱৰ আৰু পাহাৰৰ পৰা অহা মাটিয়ে পুতি পেলাইছে নৈ খনৰ অধেক অংশ ৷ একপ্ৰকাৰ কদৰ্যময় নলালৈহে পৰ্যবেশিত হৈছে ভৰলু ৷
মনকৰিবলগীয়া যে বাৰিষাৰ পূৰ্বে পৰিষ্কাৰ নকৰাৰ ফলত ভৰলুৱে বিপদ সংকেত কঢ়িয়াইছে ভৰলু দুয়োপাৰৰ অঞ্চলবাসীলৈ ৷ গুৱাহাটী পৌৰ নিগমৰ গুৰুত্বহীনতাৰ বাবে বাৰিষাত চৰম দুৰ্ভোগ ভোগাৰ আশংকা কৰিছে মহানগৰবাসী ৷ সেয়েহে অচিৰেই ভৰলুৰ আৱৰ্জনাৰ দম সমূহ পৰিস্কাৰ কৰাৰ দাবী কৰিছে মহানগৰৰ সচেতন মহলে ৷