Gohpur Accident :গহপুৰৰ ব্ৰহ্মাজানত শোকাৱহ পথ দুৰ্ঘটনা

প্ৰাণ গ'ল এজন যুৱকৰ

gohpur

Gohpur Accident :

নিশা সংঘটিত এক শোকাৱহ দুৰ্ঘটনাত প্ৰাণ গ’ল এজন যুৱকৰ ৷ দুৰ্ঘটনাটি সংঘটিত হয় গহপুৰ সমজিলাৰ ঘাঁহিগাঁও আৰক্ষী চকীৰ অন্তৰ্গত ব্ৰহ্মাজানৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ৷ দুৰ্ঘটনাত প্ৰাণ হেৰুৱা যুৱকজনৰ নাম আদিত্য দিহিঙীয়াই। পেছাত এজন যুৱ ব্যৱসায়ী ৷

ADVERTISEMENT

ব্ৰহ্মাজানৰ ন-বাৰী চুক নিবাসী পদ্মেশ্বৰ দিহিঙীয়া আৰু মামনী দিহিঙীয়াৰ মাজু পুত্ৰ আদিত্যই যোৱা নিশা দহমান বজাত নিজৰ স্কুটীয়ে গৈ থকা পথত ব্ৰহ্মাজানৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ভয়াৱহ পথ দুৰ্ঘটনাটি ৷ গুৰুতৰভাৱে আহত আদিত্যক ততাতৈয়াকৈ প্ৰথমে গহপুৰৰ ছহিদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও পিছত ভৰ্তি কৰা হয় তেজপুৰ মেডিকেল কলেজ হস্পিতালত ৷ কিন্ত অৱস্থা অতি সংকটজনক হোৱাত চিকিৎসকৰ পৰামৰ্শ অনুসৰি উন্নত চিকিৎসাৰ বাবে এম্বুলেন্সেৰে গুৱাহাটীলৈ নি থকা পথত নগাঁৱতে শেষ নিশ্বাস ত্যাগ কৰে ৷

৩৫ বয়সীয়া যুৱ ব্যৱসায়ীজনৰ কৰুণ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰে সমগ্ৰ ব্ৰহ্মাজান অঞ্চলত ৷ নিজৰ দক্ষতাৰ বলত আদিত্য দিহিঙীয়াই কম সময়ৰ ভিতৰত এজন প্ৰতিষ্ঠিত ব্যৱসায়ী ৰূপে পৰিচিত হৈ পৰে ৷ মৃত্যুৰ সময়ত দিহিঙীয়াই মৃত্যুৰ সময়ত পিতৃ, মাতৃ, এগৰাকী ভাতৃ, এগৰাকী ভগ্নীৰ লগতে বহু আত্মীয়-স্বজনক ইহ সংসাৰত এৰি থৈ গৈছে।

Exit mobile version