‘শক্তিশালী উত্তৰ দিবলৈ দু’বাৰ নাভাৱে ভাৰতে’

পাক আক্ৰমণৰ মাজতে ‘বন্ধু’ৰ স'তে জয়শংকৰৰ বাৰ্তালাপ

images 9 1

S Jaishankar:পাকিস্তানৰ ধাৰাবাহিক আক্ৰমণৰ মাজতে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে আন্তঃৰাষ্ট্ৰীয় সমাজৰ স’তে বিশেষ আলোচনাত মিলিত হয়।

ADVERTISEMENT

আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ৰ পৰা আৰম্ভ কৰি ইউৰোপীয় সংঘৰ উপ-ৰাষ্ট্ৰপতিলৈকে সকলোৰে স’তে কথা পাতিছে বৈদেশিক মন্ত্ৰীগৰাকীয়ে।

তেওঁ স্পষ্টকৈ জনাই দিছিল যে যদি পাকিস্তানে আক্ৰমণ কৰে তেন্তে ভাৰতে উপযুক্ত প্ৰত্যুত্তৰ দিব।

বৃহস্পতিবাৰে নিশা পাকিস্তানে ভাৰতৰ একাধিক অঞ্চলত আক্ৰমণ চলায়। ড্ৰোন আৰু মিছাইল আক্ৰমণৰ পৰা আৰম্ভ কৰি সীমান্ত অঞ্চলত গোলাবৰ্ষণলৈকে সকলো কামেই কৰিছে পাকিস্তানী সেনাই।

অৱশ্যে, ভাৰতৰ কোনো ক্ষতি কৰা হোৱা নাই। ভাৰতে নিষ্ক্ৰিয় কৰিছে পাকিস্তানী মিছাইল । কেবাটাও ড্ৰোন গুলীবৰ্ষণ কৰা হৈছিল। সূত্ৰ অনুসৰি ভাৰতে লাহোৰ আৰু ইছলামবাদত প্ৰতিশোধমূলক আক্ৰমণ সংঘটিত কৰিছে।

জয়শংকৰে এনে এক উত্তপ্ত পৰিস্থিতিত ‘বন্ধুত্বপূৰ্ণ’ দেশসমূহৰ স’তে কথা পাতিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ সচিবৰ স’তে হোৱা বৈঠকৰ পাছত বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে এক্স-হেণ্ডেলত লিখিছে,’আমেৰিকাই সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুদ্ধত ভাৰতৰ স’তে থিয় দিব বিচাৰে। এইটো যথেষ্ট প্ৰশংসনীয়। ভাৰতে সঠিক লক্ষ্যৰে সীমান্তপাৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে মধ্যমীয়া ব্যৱস্থা গ্ৰহণ কৰিছে।যিকোনো আক্ৰমণৰ প্ৰতি আমি কঠোৰ সঁহাৰি দিম।’।

উল্লেখ্য যে, আক্ৰমণ আৰম্ভ হোৱাৰ পাছতে পাকিস্তানক শান্ত হ’বলৈ নিৰ্দেশ দিছিল আমেৰিকাই। পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ স’তে বাৰ্তালাপ কৰে আমেৰিকাৰ বিদেশ মন্ত্ৰীয়ে।

আমেৰিকাৰ বিদেশ মন্ত্ৰীৰ পাছত জয়শংকৰে ইউৰোপীয় সংঘৰ উপ-ৰাষ্ট্ৰপতি কাজা কল্লাছৰ স’তেও বাৰ্তালাপ কৰে। তাত তেওঁ কয়,ভাৰতে যথেষ্ট সংযত আৰু পৰিমিতভাৱে পাক আক্ৰমণৰ প্ৰত্যুত্তৰ দিছে। কিন্তু যদিহে আক্ৰমণৰ তীব্ৰতা বৃদ্ধি পায় তেন্তে ভাৰতেও তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব।’

‘বন্ধু’ ইটালীৰ উপ-প্ৰধানমন্ত্ৰী তথা বৈদেশিক মন্ত্ৰী এণ্টনিঅ’ তাজানীৰ স’তেও কথা পাতিছে জয়শংকৰে ।ভাৰতে কঠোৰ সঁহাৰি দিবলৈ কুণ্ঠাবোধ নকৰে বুলি কেবাখনো দেশক স্পষ্ট কৰি দিছে বৈদেশিক মন্ত্ৰীগৰাকীয়ে।

Exit mobile version