Ghagrapar: ঘগ্রাপাৰ-তামুলপুৰ পথৰ আল্লিয়া চ’কত পুখুৰী সদৃশ গাত

পথ নে পুখুৰী ধৰিব নোৱাৰি !, দুৰ্ঘটনাত পতিত ই -ৰিক্সা, কণমপি ৰক্ষা ই -ৰিক্সাৰ আৰোহী

damage road

Ghagrapar:

মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ গৃহ সমষ্টিৰ নলবাৰীৰ ঘগ্রাপাৰ-তামুলপুৰ সংয়োগ পথৰ বিধ্বস্ত অৱস্থাই ছাত্র -ছাত্রীৰ লগতে পথচাৰী ৰাইজক যমৰ যাতনা ভোগাই আহিছে বুলি দীর্ঘদিন ধৰি আছুকে ধৰি বিভিন্ন দল সংগঠনে অভিযোগ কৰি আহিছে। ঠিক সেই সময়তে আজি পথছোৱাৰ আল্লিয়া চ’কৰ সমীপত পুখুৰী সদৃশ পৰিৱেশৰ সৃষ্টি হৈ পানী হোৱা ঠাইখিনিত এখন ই -ৰিক্সা পানীত বাগৰি পৰি দুৰ্ঘটনাগ্রস্ত হয়। যাৰ ফলত গাড়ীৰ চালকসহ যাত্রী সকল কথমপি ৰক্ষা পৰে। আল্লিয়া আঞ্চলিক ছাত্র সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি ৰাহুল দাস, ভাৰপ্ৰাপ্ত সম্পাদক ৰাহুল ৰাজবংশীৰ লগতে আছুৰ নলবাৰী জিলাৰ কাৰ্য্যনিৰ্বাহক ধর্মেশ্বৰ দাসে পথছোৱা শীঘ্রে পুনঃ নিৰ্মাণ কৰিবলৈ চৰকাৰ তথা মন্ত্রী জয়ন্ত মল্ল বৰুৱাক দাবী জনাইছে।

ADVERTISEMENT
Exit mobile version