G7 Charlevoix Summit: ভাৰত-পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হ’ল জি-৭বৈদেশিক মন্ত্ৰীৰ বৈঠক

canada

G7 Charlevoix Summit:

ভাৰত-পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হ’ল জি-৭বৈদেশিক মন্ত্ৰীৰ বৈঠক ৷ কানাডাৰ চাৰ্লেভইক্স চিটিত অনুষ্ঠিত বৈঠকত অংশগ্ৰহণ কৰে জি-৭ ৰ দেশ সমূহৰ বৈদেশিক মন্ত্ৰী সকল। বৈঠকত অংশগ্ৰহণকাৰী দেশ কেইখন হ’ল মাৰ্কিন যুক্তৰাষ্ট্ৰ,কানাডা, ফ্ৰান্স, জাৰ্মানী, ইটালী, জাপান, ইংলেণ্ড।

ADVERTISEMENT

উল্লেখ্য যে,চাৰ্লেভইক্সৰ জি-৭ বৈদেশিক মন্ত্ৰীৰ বৈঠকে ভাৰত আৰু পাকিস্তান দুয়োখন দেশকে প্ৰত্যক্ষ আলোচনাৰ বাবে আহ্বান জনায় ৷ একেদৰে শেহতীয়াকৈ উদ্ভৱ হোৱা তিক্ততাপূৰ্ণ পৰিস্থিতি সুক্ষ্মভাৱে পৰ্যালোচনা কৰি থকাৰ কথাও ব্যক্ত কৰে জি- ৭ দেশসমূহে ৷

উল্লেখযোগ্য ২২এপ্ৰিলত পহলগাম কাণ্ডৰ তীব্ৰ গৰিহণা দিয়ে জি- ৭ দেশসমূহে ৷ সাত ৰাষ্ট্ৰযুক্ত জি- ৭ দেশৰ বৈঠকে ভাৰত- পাক দুয়ো দেশৰ সৰ্বসাধাৰণ জনতাৰ সুৰক্ষাৰ বিষয়ক লৈ উদ্বিগ্নতা প্ৰকাশ কৰে ৷

Exit mobile version