পুনৰ কঁপি উঠিল পাকিস্তান!

images 7 4

Pakistan: দু’দিনৰ ব্যৱধানত পুনৰ কঁপি উঠিল পাকিস্তান। সোমবাৰে দিনৰ প্ৰায় ১:৩০ বজাত পাকিস্তানৰ বৃহৎ অঞ্চলত ভূমিকম্প অনুভূত হয়।

ADVERTISEMENT

অৱশ্যে ভূমিকম্পত হতাহতিৰ কোনো খবৰ পোৱা নাই আৰু ক্ষয়-ক্ষতিৰ পৰিমাণো জানিব পৰা হোৱা নাই।

সোমবাৰে দুপৰীয়া জাতীয় ভূকম্পন পৰ্যবেক্ষণ আৰু গৱেষণা কেন্দ্ৰ ( এনচিএছ) য়ে এক বিবৃতিত জনাইছে,ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৪.৬ আছিল ।

ভূমিকম্পৰ কেন্দ্ৰবিন্দু ভূপৃষ্ঠৰ পৰা ১০ কিলোমিটাৰ তলত।

বিগত তিনিদিনত তিনিবাৰকৈ ভূমিকম্পই কঁপাইছে পাকিস্তান। শেষৰটো ভূমিকম্প হৈছিল ১০ মে’ত। সেই সময়ত ভূমিকম্পৰ প্ৰাবল্য আছিল ৰিখটাৰ স্কেলত ৫.৯।কেৱল পাকিস্তানতে নহয়, আফগানিস্তানতো কম্পন অনুভৱ কৰা হৈছিল।

তদুপৰি যোৱা শুকুৰবাৰে বিয়লি প্ৰায় চাৰি বজাত খাইবাৰ পাখতুনখোৱা অঞ্চলত ভূমিকম্প অনুভূত হয়। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৪.২।

Exit mobile version