মহাকাশৰ পৰা ভাৰতক নিৰাপত্তা দিছে ১০টি কৃত্রিম উপগ্রহে ! 

দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত ইছৰোৰ ভূমিকা কি?

1747038593 isro

Indian Satellite: মহাকাশৰ পৰা দহটা কৃত্ৰিম উপগ্ৰহে ভাৰত আৰু ভাৰতবাসীৰ নিৰাপত্তা আৰু সুৰক্ষাৰ বাবে কাম কৰিছে।এই কথা জনালে ভাৰতীয় মহাকাশ গৱেষণাকেন্দ্ৰ (ISRO) অধ্যক্ষ ভি. নাৰায়ণে।

ADVERTISEMENT

দেওবাৰে মণিপুৰৰ ইম্ফলস্থিত কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত তেওঁৰ এই বক্তব্য ।

তাতে ইছৰোৰ মুৰব্বীগৰাকীয়ে জনায় ,এই ১০টা কৃত্ৰিম উপগ্ৰহৰ কথা। তেওঁ আৰু জনাই যে, এই কৃত্ৰিম উপগ্ৰহসমূহৰ কৌশলগত উদ্দেশ্য হৈছে দেশবাসীৰ নিৰাপত্তা নিশ্চিত কৰা।

এই কৃত্ৰিম উপগ্ৰহসমূহে সেই লক্ষ্যৰ দিশত অবিৰতভাৱে কাম কৰি আছে।প্ৰসংগক্ৰমে ইছৰোৰ মুৰব্বীগৰাকীয়ে ভাৰত-পাক সংঘাত আৰু তাৰ পাছৰ যুদ্ধবিৰতিৰ মাজতে এই মন্তব্য কৰে।

ইছৰোৰ অধ্যক্ষ নাৰায়ণে জনায় যে,মহাকাশ শক্তিৰ ক্ষেত্ৰত ভাৰত ক্ৰমান্বয়ে এক প্ৰাণবন্ত ৰাষ্ট্ৰ হৈ উঠিছে ।

২০৪০ চনৰ ভিতৰত ভাৰতৰ প্ৰথম মহাকাশ কেন্দ্ৰ হ’ব বুলি তেওঁ নিশ্চিত।ইম্ফল অনুষ্ঠানত তেওঁ জনাই যে,এতিয়ালৈকে ভাৰতৰ পৰা ৩৪খন দেশৰ ৪৩৩টা কৃত্ৰিম উপগ্ৰহ মহাকাশলৈ প্ৰেৰণ কৰা হৈছে।

ভাষণৰ এটা সময়ত তেওঁ দেশৰ নিৰাপত্তা আৰু সুৰক্ষাৰ ক্ষেত্ৰত মহাকাশ গৱেষণাৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰে। ইছৰোৰ মুৰব্বীগৰাকীয়ে কয় যে, “আমি সকলোৱে আমাৰ চুবুৰীয়া দেশৰ বিষয়ে জানো। দেশৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ আমি কৃত্ৰিম উপগ্ৰহৰ জৰিয়তে ইয়াক পূৰণ কৰিব লাগিব।

আমাৰ সাত হেজাৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ সমুদ্ৰ উপকূলৰ ওপৰত আমি দৃষ্টি ৰাখিব লাগিব। সমগ্ৰ উত্তৰ অংশটোক আমি অহৰহ নিৰীক্ষণ কৰি থাকিব লাগিব।”

তেওঁৰ মতে, দেশৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ কৃত্ৰিম উপগ্ৰহ আৰু ড্ৰ’ন প্ৰযুক্তিৰ প্ৰয়োজনীয়তা অনস্বীকাৰ্য।

Exit mobile version