অপাৰেচন কেল্লাৰ : দক্ষিণ কাশ্মীৰত উদ্ধাৰ গ্ৰেনেড, ৰাইফল, বিস্ফোৰক!

1747212121 kashmir operation

Operation Sindoor: জম্মু-কাশ্মীৰৰ শ্বোপিয়ানৰ বনাঞ্চলত সন্ত্ৰাসবাদ বিৰোধী অভিযান ‘অপাৰেচন কেল্লাৰ’ৰ সময়ত উদ্ধাৰ হ’ল প্ৰচুৰ আগ্নেয়াস্ত্ৰ আৰু গুলাবাৰুদ। লগতে কেবাটাও গ্ৰেনেড, ৰাইফল, মেগজিন আৰু বহু সংখ্যক কাৰ্টিজ উদ্ধাৰ কৰা হয়।

দক্ষিণ কাশ্মীৰৰ শ্বোপিয়ানত মঙলবাৰে নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত তিনিজন উগ্ৰপন্থী নিহত হয়। উদ্ধাৰ হোৱা আগ্নেয়াস্ত্ৰ তিনি উগ্ৰপন্থীৰ বুলি অনুমান কৰা হৈছে।

উগ্ৰপন্থী গতিবিধি তথ্য লাভ কৰি মঙলবাৰে শ্বোপিয়ানৰ ভৰ কেল্লা অঞ্চলৰ জংঘলত নিৰাপত্তা বাহিনীয়ে অভিযান চলায়।

‘অপাৰেচন কেল্লাৰ’ত নিহত উগ্ৰপন্থী তিনিজনৰ স’তে পাকিস্তানী উগ্ৰপন্থী সংগঠন লস্কৰ-ই-টাইবাৰ সম্পৰ্ক আছে বুলি চোৰাংচোৱা সংস্থাই সন্দেহ প্ৰকাশ কৰিছে।

জম্মু-কাশ্মীৰ আৰক্ষীৰ সূত্ৰৰ উদ্ধৃতি দি সংবাদ সংস্থাই জনোৱা মতে, নিহত তিনিজন উগ্ৰপন্থীৰ ভিতৰত দুজনক ইতিমধ্যে চিনাক্ত কৰা হৈছে।

মৃত লোককেইজন হৈছে, শ্বাহিদ কুট্টে আৰু আদনান শ্বাফী। আৰক্ষীৰ সূত্ৰই জনোৱা মতে, দুয়োজনেই কাশ্মীৰৰ স্থানীয় উগ্ৰপন্থী।

শ্বোপিয়ানৰ হিৰপোৰা অঞ্চলত শ্বাহিদৰ ঘৰ আৰু একেখন জিলাৰ ৱাণ্ডুনাত শ্বাফিৰ ঘৰ। তৃতীয় সন্ত্ৰাসবাদীক চিনাক্তকৰণৰ প্ৰক্ৰিয়া এতিয়াও অব্যাহত আছে।

অৱশ্যে সেনাই এতিয়াও আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই যে উগ্ৰপন্থীয়ে লস্কৰত যোগদান কৰিছে।

Exit mobile version