অপাৰেচন সিন্দূৰক লৈ অপপ্ৰচাৰ! ভাৰতে ব্লক কৰিলে চীনৰ আৰু তুৰ্কীৰ মিডিয়া

Globaltimes: চীন চৰকাৰী সংবাদ মাধ্যম ‘গ্ল’বেল টাইমছ’ৰ এক্স হেণ্ডেল ‘ব্লক’ কৰিছে ভাৰতে। সেই একাউণ্টৰ পৰা আৰু কোনো কাৰ্যকলাপ এই দেশত দেখা নাযাব।

ADVERTISEMENT

‘গ্ল’বেল টাইমছ’ৰ বিৰুদ্ধে ভাৰতীয় সেনাৰ ‘অপাৰেচন সিন্দূৰ’ অভিযানক লৈ অপপ্ৰচাৰ চলোৱাৰ অভিযোগ।

পহলগামত ২৬ জন ভাৰতীয় নাগৰিকক হত্যা কৰাৰ পাছত পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত সন্ত্ৰাসবাদী শিবিৰসমূহত আক্ৰমণ চলাইছিল ভাৰতে।

এই আক্ৰমণক লৈ চীনৰ সংবাদ মাধ্যমে অপপ্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন হৈছে। অভিযুক্ত সংবাদ সংস্থা ‘শ্বিনহুয়া’ৰ হেণ্ডেল ‘গ্ল’বেল টাইমছ’ৰ দৰে অভিযুক্ত সংবাদসংস্থা ‘শ্বিনহুয়া ‘ এক্স হেণ্ডেল ।

দুয়োটাকে ভুৱা তথ্য দিয়াৰ অভিযোগত ভাৰততো নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

চলিত সপ্তাহৰ আৰম্ভণিতে বেইজিঙত থকা ভাৰতীয় দূতাবাসে গ্ল’বেল টাইমছক বিভ্ৰান্তিকৰ বাতৰিৰ বাবে গৰিহণা দিছিল। তেওঁলোকৰ সম্প্ৰচাৰৰ বিষয়েও সকীয়াই দিয়া হৈছিল।

দূতাবাসৰ বাৰ্তাত কোৱা হয়, “প্ৰিয় গ্ল’বেলটাইমছ, আমাৰ পৰামৰ্শ হৈছে বিভ্ৰান্তিকৰ তথ্য প্ৰচাৰ কৰাৰ আগতে তথ্যসমূহ পৰীক্ষা কৰা আৰু তথ্যৰ উৎসসমূহ পৰীক্ষা কৰক।”

লগতে দূতাবাসৰ এক্স হেণ্ডেলত প্ৰকাশ পাইছে যে,পাকিস্তানৰ প্ৰতি সহানুভূতিশীল কেবাটাও ছ’চিয়েল মিডিয়া একাউণ্টে ভাৰতীয় বাহিনীৰ লোকচানৰ সন্দৰ্ভত ভিত্তিহীন দাবী বিয়পাইছে।

Exit mobile version