অৰ্ডাৰ অহাৰ লগে লগে অপাৰেচন ট্ৰাইডেণ্টৰ পুনৰাবৃত্তি হ’ব!

কৰাচী বন্দৰ ধ্বংস কৰিবলৈ সাজু আছিল ভাৰতৰ ‘বিক্ৰান্ত’

Untitled 1 45

Operation Sindoor:নিৰ্দেশ আহিলেই পুনৰাবৃত্তি হ’ব অপাৰেচন ট্ৰাইডেণ্টৰ ! কৰাচী বন্দৰ ধ্বংস কৰিবলৈ সাজু আছিল ভাৰতৰ ‘বিক্ৰান্ত’।বিগত আঠ মে’ৰ নিশা আৰৱ সাগৰত অৱতৰণ কৰে আইএনএছ বিক্ৰান্তকে ধৰি মুঠ ৩৬ খন যুদ্ধজাহাজ ।

ADVERTISEMENT

লক্ষ্য স্পষ্ট আছিল। জলপথৰ ওপৰত যিকোনো আক্ৰমণ হ’লে তীব্ৰ সঁহাৰি দিয়া। সূত্ৰৰ জৰিয়তে এই খবৰ লাভ কৰা হৈছে। কেৱল সেয়াই নহয়, পাকিস্তানৰ আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই কৰাচী বন্দৰত পোনপটীয়াকৈ আক্ৰমণ কৰাৰ পৰিকল্পনাও আছিল ভাৰতৰ।

সম্প্ৰতি এক সংবাদ মেলত নৌসেনাৰ এডমিৰেল এ এন প্ৰমোদে এই কথা সদৰি কৰে।

প্ৰমোদে কয় ,নৌসেনাই ন মে’ৰ নিশা পাকিস্তানৰ কৰাচী বিমানবন্দৰ সম্পূৰ্ণৰূপে ধ্বংস কৰিবলৈ সাজু হৈছিল । অপেক্ষা আছিল কেৱল ভাৰত চৰকাৰৰ নিৰ্দেশনালৈ।

সূত্ৰসমূহে লগতে প্ৰকাশ কৰিছে যে আই এন এছ বিক্ৰান্তৰ স’তে মুঠ আঠৰ পৰা ১০খন শক্তিশালী যুদ্ধ জাহাজ আৰব সাগৰত অৱতৰণ কৰে।

প্ৰতিখনতে আছিল ব্ৰহ্মসকে ধৰি একাধিক ক্ষমতাসম্পন্ন ক্ষেপণাস্ত্ৰ । আনকি ৰাতিৰ আন্ধাৰত সাজু হৈ আছিল ছয়খন চাবমেৰিন ।

মুঠতে সকলো মিলি এই পৰিস্থিতিৰ স’তে মোকাবিলা কৰিবলৈ আৰব সাগৰত মুঠ ৩৬খন যুদ্ধজাহাজ সাজু আছিল। নিয়মীয়া অনুশীলনৰ বাহিৰলৈ গৈ ভাৰতীয় নৌসেনাৰ আটাইতকৈ বৃহত্তম ‘ৰিয়েল টাইম অপাৰেচনেল মুভমেণ্ট’ আছিল বুলি কোৱা হয়।

সূত্ৰ অনুসৰি,বিপদৰ কথা উপলব্ধি কৰি পাকিস্তানে সেই নিশাই কৰাচী বন্দৰত অভিযান আৰম্ভ কৰে। কৰাচীলৈ যোৱা সকলো বাণিজ্যিক জাহাজক ডাইভাৰ্ট কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল।

জল, স্থল আৰু বায়ুত সেনাৰ চাপৰ ভয়ত ইছলামাবাদে যুদ্ধবিৰতিৰ পথ অনুসৰণ কৰিছিল নেকি?

বিশেষজ্ঞসকলৰ মতে, ভাৰতৰ সৈতে হোৱা সংঘাতত পাকিস্তান অহৰহ পিছ পৰি আছিল। শ্বাহবাজ শ্বৰীফ চৰকাৰে পৰাজয় নিশ্চিত বুলি উপলব্ধি কৰি যুদ্ধবিৰতিৰ প্ৰস্তাৱ আগবঢ়ায়।

Exit mobile version