Goa: গোৱাৰ পৰ্যটন উদ্যোগে ২০২৫ বৰ্ষৰ প্ৰথম তিনি মাহত নতুন অভিলেখ ৰচিলে। ৰাজ্যখনৰ পৰ্যটন বিভাগে সদৰী কৰা অনুসৰি, যোৱা জানুৱাৰীৰ পৰা মাৰ্চৰ সময়ছোৱাত বিগত বৰ্ষৰ তুলনাত গোৱাত পৰ্যটকৰ সংখ্যা ১০.৫ শতাংশ বৃদ্ধি পালে।
২০২৫ৰ প্ৰথম তিনি মাহত গোৱা ভ্ৰমণ কৰিছিল ২৮,৫১,৫৫৪জন পর্যটকে। ২০২৪ৰ একে সময়ছোৱাত গোৱাত উপস্থিত হৈছিল ২৫,৮০,১৫৫ জন পর্যটকে।
গোৱা পূৰ্বৰে পৰা দেশৰ অন্যতম এক পর্যটন কেন্দ্র হিচাপে পৰিচিত। চলিত বর্ষত দেশী-বিদেশী পর্যটকৰ বাবে গোৱাৰ আকৰ্ষণ অধিক বৃদ্ধি পালে।
