ছফিয়া কুৰেশ্বীৰ ধৰ্মক লৈ মন্তব্য কৰি বিপদত পৰিল বিজেপি মন্ত্ৰীৰ

IMG 20250514 175625

Sofiya Qureshi: ভাৰতীয় সেনাৰ বীৰাঙ্গনা কৰ্নেল ছফিয়া কুৰেশ্বীৰ ধৰ্মীয় পৰিচয়ৰ বিষয়ে বিতৰ্কিত মন্তব্য কৰা বিজেপি মন্ত্ৰীজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ নিৰ্দেশ মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ।

ADVERTISEMENT

মধ্য প্ৰদেশৰ মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিব লাগে বুলি আদালতে জনাইছে । ইতিমধ্যে মন্ত্ৰীগৰাকীক বৰখাস্ত কৰাৰ দাবী জনাইছে কংগ্ৰেছে। এইবাৰ আইনী বিপাকত পৰিল বিজেপি মন্ত্ৰী।

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰত বিগত সাত মে’ত পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত অৱস্থিত সন্ত্রাসৰ ঘাটি ধ্বংস কৰিছিল ভাৰতীয় সেনাই।

আক্ৰমণৰ পাছত কৰ্ণেল ছফিয়া কুৰেশ্বি আৰু বায়ুসেনাৰ উইং কমাণ্ডাৰ ব্যোমিকা সিঙে সংবাদমেলত সমগ্ৰ দেশক অপাৰেচন সিন্দূৰৰ বিস্তাৰিত বিৱৰণ দিয়ে।

ইয়াৰ পাছতে এই দুগৰাকী মহিলা অধিকাৰীক সমগ্ৰ বিশ্বই প্ৰশংসাৰে ভৰাই তুলিছে।

ইয়াৰ মাজতে এই ঘটনাত মধ্যপ্ৰদেশৰ বিজেপি মন্ত্ৰী বিজয় শ্বাহে সংখ্যালঘু জনগোষ্ঠীৰ প্ৰতিনিধি ছফিয়া কুৰেশ্বীৰক লৈ বিতৰ্কিত মন্তব্য কৰা দেখা গ’ল।

বিজয়ে কয়, “তেওঁলোকে আমাৰ হিন্দু ভাইসকলৰ কাপোৰ খুলি ধৰ্মীয় পৰিচয় পৰীক্ষা কৰি হত্যা কৰিছে। প্ৰধানমন্ত্ৰী মোদীজীয়ে তেওঁলোকৰ (উগ্ৰপন্থীৰ) ভগ্নীক তেওঁলোকৰ ঘৰত আক্ৰমণ কৰিবলৈ পঠিয়াইছে। তেওঁলোকে (উগ্ৰপন্থীয়ে) আমাৰ ভগ্নীক বিধৱা কৰিছে,সেইবাবেই মোডীজীয়ে তেওঁলোকৰ সম্প্ৰদায়ৰ ভনীয়েকক উপযুক্ত শিক্ষা দিবলৈ পঠিয়াইছে ।”

যদিও এই মন্তব্যত ছফিয়া কুৰেশ্বীৰ নাম উল্লেখ কৰা হোৱা নাই, তথাপিও কোনেও বুজিব বাকী নাছিল যে,এই মন্তব্য তেওঁৰ প্ৰতি লক্ষ্য ৰাখি কৰা হৈছে।

কিন্তু বিতৰ্ক বাঢ়ি অহাৰ লগে লগে বিজয়ে তেওঁৰ মন্তব্যৰ ভুল ব্যাখ্যা কৰা বুলি দাবী কৰে। আনকি কৰ্ণেল কুৰেশ্বীৰ ওচৰত ১০ বাৰ ক্ষমা খুজিবলৈও তেওঁ সাজু।

কিন্তু এই মন্তব্য ৰাজহুৱা হোৱাৰ লগে লগে দেশজুৰি বিজয়ে গৰিহণাৰ সন্মুখীন হ’বলগীয়া হ’ল। মধ্যপ্ৰদেশ ৰাজ্যিক বিজেপিয়েও বিজয়ক তীব্ৰ সমালোচনা কৰে।

কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে বিজয় শ্বাহক মন্ত্ৰালয়ৰ পৰা শীঘ্ৰে অপসাৰণৰ দাবী জনায়।

Exit mobile version