ড্র’ন আক্ৰমণ প্ৰতিহত কৰিবলৈ এইবাৰ ভাৰতৰ হাতত আছে ‘ভার্গবাস্ত্র’! 

1747219917 bhargavastra

Drone: ড্রোন আক্ৰমণৰ প্ৰতিহত কৰিবলৈ এইবাৰ তৈয়াৰ হ’ল ‘ভার্গবাস্ত্র’। দেশীয় প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মিত এই মিছাইলটো মঙলবাৰে সফলতাৰে পৰীক্ষামূলকভাৱে উৎক্ষেপণ কৰা হয়।

ADVERTISEMENT

এই ক্ষেপণাস্ত্ৰসমূহে ভাৰতৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা আৰু অধিক উন্নত কৰিব বুলি আশা কৰা হৈছে। শেহতীয়াকৈ ভাৰত-পাক সংঘাতৰ সময়ত পাকিস্তানৰ পৰা ড্ৰ’ন আক্ৰমণ সংঘটিত হৈছিল। ইয়াৰ বেছিভাগেই ভাৰতে প্ৰতিহত কৰিছে।

এনে পৰিস্থিতিত মঙলবাৰে ওড়িশাৰ গোপালপুৰ উপকূলত দেশীয় ‘মাইক্ৰ’ মিছাইল’ পৰীক্ষা কৰা হৈছে ।তথ্য অনুসৰি, প্ৰতিটো পেৰামিটাৰতে সফলতা লাভ কৰিছে।

ড্ৰ’ন ধ্বংস কৰা এই সৰু আকাৰৰ ক্ষেপণাস্ত্ৰসমূহ ছ’লাৰ ডিফেন্স এণ্ড এৰ’স্পেচ লিমিটেডে (এছডিএল) নিৰ্মাণ কৰিছে। প্ৰস্তুতকাৰক ছ’লাৰ গ্ৰুপে কয় যে এই ড্ৰ’ন ধ্বংসকাৰী ব্যৱস্থাটো ‘মাইক্ৰ’ মিছাইল’ৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে।

তেওঁলোকৰ মতে এই প্ৰতিৰক্ষা ব্যৱস্থাই ভৱিষ্যতে ড্ৰ’ন আক্ৰমণ প্ৰতিহত কৰাত যথেষ্ট সহায় কৰিব। প্ৰায় ডেৰ-দুই কিলোমিটাৰ দূৰত্বলৈকে সন্দেহজনক ড্ৰ’নৰ গতিবিধি ধৰা পেলোৱাৰ ক্ষমতা ‘ভাৰ্গবস্ত্ৰ’ত আছে।যিকোনো সৰু ড্ৰোন ধৰা পেলাই ধ্বংস কৰাৰ ক্ষমতা আছে।

মঙলবাৰে ভাৰতীয় সেনাৰ বায়ু প্ৰতিৰক্ষা বিভাগৰ বিষয়াৰ উপস্থিতিত এই ক্ষেপণাস্ত্ৰসমূহ পৰীক্ষামূলকভাৱে নিক্ষেপ কৰা হয়।

Exit mobile version