ভাৰত-পাকিস্তানৰ সংঘাতৰ বাবে বন্ধ হৈ থকাৰ পাছত বুধবাৰৰ পৰা পুনৰ আৰম্ভ হয় বৈষ্ণ দেৱী হেলিকপ্টাৰ সেৱা

images 15 2

Vaishno Devi:ভাৰত-পাকিস্তানৰ সংঘাতৰ বাবে বন্ধ হৈ থকা জম্মু-কাশ্মীৰৰ অন্যতম হিন্দু তীৰ্থস্থান বৈষ্ণো দেৱীলৈ হেলিকপ্টাৰ সেৱা বুধবাৰৰ পৰা পুনৰ আৰম্ভ হয়।

ADVERTISEMENT

যুদ্ধবিৰতিৰ পাছত দেশৰ সীমান্ত ৰাজ্যসমূহ ক্ৰমান্বয়ে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে। উল্লেখ্য যে, উত্তৰ-পশ্চিম ভাৰতৰ ৩২টা বিমানবন্দৰ পুনৰ মুকলি কৰা হয়।

তাৰ পাছতেই আজি খুলি দিয়া হৈছে বৈষ্ণদেৱীৰ কপ্টাৰ সেৱা। শনিবাৰে বৈষ্ণদেবী তীৰ্থস্থান ট্রাষ্ট বোৰ্ডৰ পৰা জনোৱা হৈছে, “সাত দিন বন্ধ থকা পাছত আজি পুৱাতে মাতা বৈষ্ণো দেবীৰ মন্দিৰত হেলিকপ্টাৰ সেৱা পুনৰ আৰম্ভ কৰা হৈছে।”

ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে চলিত মাহৰ আৰম্ভণিৰ পৰা দেশৰ অন্যতম গুৰুত্বপূৰ্ণ তীৰ্থস্থানলৈ তীৰ্থযাত্ৰীৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে।

তাৰ পাছত যোৱা কেইদিনমানত ভক্তৰ সমাৱেশ একপ্ৰকাৰ বন্ধ হৈ গ’ল। বুধবাৰে কপ্টাৰ সেৱা আৰম্ভ হোৱাৰ লগে লগে ৰোগী আৰু বৃদ্ধসকলৰ বাবে বেটাৰী চালিত গাড়ী সেৱাও আৰম্ভ কৰা হৈছে।

বোৰ্ড অৱ ট্ৰাষ্টীৰ তথ্য অনুসৰি যোৱা বছৰ বৈষ্ণো দেৱীত ৯৪ লাখ ৮৪ হেজাৰ ভক্তৰ সমাগম হৈছে। আনহাতে, চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা এপ্ৰিল মাহৰ ভিতৰত ৩০ লাখ তীৰ্থযাত্ৰী মাতা বৈষ্ণো দেৱী ভ্ৰমণ কৰিছে।

Exit mobile version