অনন্যা পাণ্ডেৰ দৰে ফিট হ’ব বিচাৰেনে? 

images 15 3

Ananya Panday: সুস্থ জীৱন যাপন কৰিবলৈ কোনে ধৰণৰ খাদ্যভ্যাস পালন কৰে অনন্যাই?

ADVERTISEMENT

তাৰকাসকলে সুস্থ হৈ থাকিবলৈ বিভিন্ন খাদ্যাভ্যাস পালন কৰে। নিজৰ স্বাস্থ্যৰ চাবিকাঠি প্রকাশ কৰিলে অভিনেত্রী অনন্যা পাণ্ডেই। কোনে বাহিৰৰ পৰা ধুনীয়া দেখাব নিবিচাৰে!

কিন্তু সুন্দৰ আৰু সুস্থ হৈ থাকিবলৈ সজাগতাৰ প্ৰয়োজন। বলিউডৰ অভিনেত্রী অনন্যা পাণ্ডে এগৰাকী সুন্দৰী। তেওঁ ফিট হৈ থাকি ভাল পায়। ইয়াৰ উপৰি ছ’চিয়েল মিডিয়াতো পিজ্জা বা বাৰ্গাৰ খোৱা দেখা যায় অভিনেত্ৰীগৰাকীক।

শেহতীয়াকৈ অনন্যাই ব্যক্তিগত খাদ্য আৰু ফিটনেছৰ বিষয়ে বিভিন্ন তথ্য প্রকাশ কৰিছে।

শেহতীয়াকৈ দিয়া এক সাক্ষাকাৰত অনন্যাই কয় যে বর্তমানে তেওঁ পেটটো সুস্থ কৰি ৰাখিবলৈ বিশেষ খাদ্য পালন কৰি আছে, যাৰ প্ৰভাৱ তেওঁৰ চেহেৰাতো প্রতিফলিত হৈছে।

অনন্যাই ক’লে, ‘মই এতিয়া খাদ্যৰ প্ৰতি আগৰ তুলনাত বহুত বেছি সচেতন। সন্ধিয়া সাত বজাৰ পাছত একো নাখাওঁ। ফলত পিছদিনা পুৱা সাৰ পোৱাৰ পাছত অনন্যাই বহুত সতেজ অনুভৱ কৰে।

অন্যাই কয় যে শেহতীয়াকৈ তেওঁ খাদ্যাভ্যাসৰ বিভিন্ন দিশ সলনি কৰিছে। অৱশ্যে দৈনন্দিন খাদ্যাভ্যাস সলনি কৰি কোনটো তেওঁৰ বাবে বেছি ফলপ্রসূ সেয়া চাব বিচাৰে অভিনেত্ৰীগকাৰীয়ে।

অনন্যাই কয় যে ‘মই মোৰ খাদ্যৰ পৰা ভাগৰুৱা অনুভৱ কৰা সকলো খাদ্য বাদ দিছো। শৰীৰত বিভিন্ন খাদ্যৰ প্ৰভাৱ বুজি পোৱাৰ পাছত মই সুস্থ জীৱন যাপন কৰিবলৈ সক্ষম হৈছো।’ অনন্যাই কয় যে দৈনন্দিন খাদ্যৰ প্ৰতি মই সজাগতা কম বসয়তে প্রয়োজনীয়।

লগতে অভিনেত্ৰীগৰাকীয়ে কয় যে স্বাস্থ্যসম্মত খাদ্যৰ লগতে তেওঁৰ খাদ্য তালিকাত ‘চিট মিল’ৰ স্থান আছে। একেদৰে মাতৃ দিৱসৰ দিনা অনন্যাই নিজৰ প্ৰিয় খাদ্য খাইছিল।

অনন্যাৰ খাদ্য

পুষ্টিবিদৰ এটা অংশই দাবী কৰে যে এটা নির্দিষ্ট সময়ৰ পাছত পাচনতন্ত্র সুস্থ কৰি ৰখাটো প্রয়োজনীয়। তেনে ক্ষেত্রত সহজে হজম হোরা সুষম খাদ্য গ্রহণ কৰিব পাৰি।

যিবোৰ খাদ্য হজম হ’বলৈ বেছি সময় লাগে, সেই সকলো খাদ্য পৰিহাৰ কৰিব লাগে। একে সময়তে দৈনিক খাদ্যত যাতে প্রয়োজনীয় আঁহ, প্র’টিন, প্র’বায়’টিক থাকে তাৰ প্ৰতিও সাৱধানতা অৱলম্বন কৰিব লাগে।

তদুপৰি দিনটোৰ ভিতৰত পৰ্যাপ্ত পৰিমাণৰ পানী পান কৰিব লাগে। খাদ্যৰ পৰা কেফেইন আৰু চেনি আঁতৰাই পেলাব লাগে। ইয়াৰ লগতে যদি আপোনাৰ সুৰা পানৰ অভ্যাস আছে, যদি আপুনি ইয়াক যিমান পাৰে কম কৰিব পাৰে তেন্তে আপোনাৰ পেটৰ স্বাস্থ্য ক্রমান্বয়ে উন্নত হ’ব, যাৰ প্ৰভাৱ আপোনাৰ সামগ্রিক জীৱনশৈলীত পৰিব।

Exit mobile version