প্ৰথম দিনাই ট্ৰাম্পৰ কোম্পানীৰ ৩,২৫০ কোটিৰ ফ্লেট বিক্ৰী হ’ল 

1742553124 donald trump

Donald Trump: ট্রাম্প টাৱাৰ। মুহূৰ্তৰ ভিতৰতে ইয়াৰ আঠ কোটিৰ পৰা ১৫ কোটি টকাৰ ব ফ্লেট বিক্ৰীৰ ঘটনাই চৰ্চাৰ বিষয় হৈছে। এক বিবৃতিত আজি নিৰ্মাণকাৰী সংস্থা ট্রাম্প অর্গেনাইজেছন, স্মার্ট বল্টু আৰু ট্রেবেকা ডেভেলপাছে এই কথা ব্যক্ত কৰে।

ADVERTISEMENT

গুৰগাঁৱত নির্মীয়মাণ এই বিলাসী আৱাস প্রকল্পই উদ্বোধনৰ প্ৰথম দিনাই ব্যাপক সঁহাৰি লাভ কৰিছে। প্রথম দিনাই বিক্রী হয় মুঠ ৩২৫০ কোটি টকাৰ ফ্লেট।

গুৰগাঁৱৰ ছেক্টৰ ৬৯ৰ গ’ল্ফ ক’ৰ্ছ এক্সটেনছন ৰোডৰ সমীপত অৱস্থিত ‘ট্রাম্প ৰেছিডেন্সেছ’ত আছে দুটা ৫১ মহলীয়া টাৱাৰ। মুঠ ২৯৮টা অতি বিলাসী ফ্রেট আছে তাত। ইয়াৰ মূল্য আকাশলংঘী, প্রতি বর্গফুটৰ দাম ২৭ হেজাৰ টকা।

একোটা ফ্ৰেটৰ দাম আঠ কোটি টকাৰ পৰা আৰম্ভ হৈছে। সর্বাধিক মূল্য ১৫ কোটি টকা পর্যন্ত বুলি সদৰী কৰে নিৰ্মাণ গোষ্ঠীয়ে।

প্ৰতিটো ফ্লেটৰ আভ্যন্তৰীণ সাজসজ্জা চালে চকুৰোৱা বিধৰ। প্রতিটো ফ্রেটতে আছে ব্যক্তিগত লিফ্ট আৰু বিলাসী ক্লাব হাউছ। এই ফ্রেটতে থাকিব ভাৰতৰ প্ৰথম একুৰিয়াম বাৰ অথবা ৰেস্তোৰাঁ। অৰ্থাৎ বাৰ আৰু ৰেস্তোৰাঁৰ ভিতৰতে থাকিব বিশাল একুৰিয়াম।

এই প্রকল্পত কে’বাটাও অতি ব্যয়বহুল পেন্টহাউছ আছে। এইসমূহৰ দাম ১২৫ কোটি টকাৰ পৰা আৰম্ভ হৈছে। অথচ উদ্বোধনৰ লগে লগে চকুৰ পচাৰতে এইবোৰ বিক্ৰী হৈছে।

এই বিষয়ে স্মার্ট ৱৰ্ল্ড ডেভেলপাৰ্ছৰ প্রতিষ্ঠাপক পংকজ বান্সালে কয় যে ক্রেতাসকলৰ মাজত এই অসাধাৰণ সঁহাৰি দেখিলেই ধাৰণা কৰিব পাৰি যে ভাৰতত বহু মানুহে বিশ্ব মানৰ জীৱন যাত্ৰাৰ আকাংক্ষা মনত পুহি ৰাখে।

Exit mobile version