CBSE :চিবিএচই ৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত ৯৪.২ শতাংশৰে উজ্বলিল ঢেকীয়াখোৱাৰ অংকিতা 

cbci

CBSE :

সদ্য ঘোষিত CBSE ৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত ৯৪.২% নম্বৰেৰে তথা তিতাবৰ নবোদয় বিদ্যালয়ৰ ভিতৰত শীৰ্ষস্থান দখল কৰি সমগ্ৰ ঢেকীয়াখোৱা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে ঢেকীয়াখোৱা মাজগাঁৱৰ নিবাসী বৈষ্ণৱ দত্ত আৰু জুৰি দত্তৰ জ্যেষ্ঠ সন্তান অংকিতা দত্তই ।

সামান্য ব্যৱসায়ৰ জড়িয়তে অভিভাৱকে ১৫ নং ঢেকীয়াখোৱা বিদ্যালয়ত পঞ্চম শ্ৰেণীলৈকে অধ্যয়ন কৰাই পৰৱৰ্তী সময়ত নবোদয় বিদ্যালয়ত নামভৰ্তি কৰালৈকে অলেখ ত্যাগ স্বীকাৰ কৰাৰ ফলাফল আজি লাভ কৰি আনন্দিত হৈ পৰিছে তেওঁলোকৰ লগতে অঞ্চলবাসী।

উল্লেখযোগ্য যে একাদশ আৰু দ্বাদশ শ্ৰেণী বিজ্ঞান শাখাত অধ্যয়ন কৰি অনাগত দিনত এগৰাকী প্ৰৱক্তা হোৱাৰ আশা কৃতীমান ছাত্ৰী অংকিতা দত্তৰ।সেয়ে অনাগত দিনত যাতে ছাত্ৰী গৰাকী সফল হ’ব পাৰে তাৰ বাবে সকলো ৰাইজৰে আশীৰ্বাদ বিচাৰিছে পিতৃ মাতৃৰ লগতে শুভাকাংক্ষীসকলে।

Exit mobile version