Guwahati Theft Incident:কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ ঘৰত চোৰৰ চাফাই অভিযান

চোৰে লুট কৰি নিলে বৈদ্যুতিক তাঁৰৰ লগতে বহু বিভিন্ন সামগ্ৰী

parabitra

Guwahati Theft Incident:

মহানগৰীত দিনক দিনে বৃদ্ধি পাইছে নানান অপৰাধমূলক কাৰ্যকলাপ ৷ চিলনী চোৰৰ সমান্তৰালভাৱে আন চোৰেও এতিয়া স্মাৰ্ট আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই বীৰদৰ্পে অব্যাহত ৰাখিছে চুৰি কাৰ্য ৷ সৰ্বসাধাৰণ ৰাইজৰ বাদেই এইবাৰ চোৰে কেন্দ্ৰীয় মন্ত্ৰীৰ ঘৰত চলালে চাফাই অভিযান।

ADVERTISEMENT

মহানগৰীৰ ৰুক্মিনীগাঁৱৰ ৫নং উপ-পথত থকা কেন্দ্ৰীয় বিদেশ আৰু বস্ত্ৰ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ ঘৰত চুৰিকাণ্ড সংঘটিত। চোৰে লুটি নিলে বৈদ্যুতিক তাঁৰৰ লগতে বিভিন্ন সা-সামগ্ৰী ৷ ইতিমধ্যে ঘটনাস্থলীত দিছপুৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷ ঘৰটোৰ আশেপাশে থকা চিচিটিভি কেমেৰাত চোৰৰ গতিবিধি পৰীক্ষা কৰিছে যদিও চোৰৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই। ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে মন্ত্ৰী মাৰ্ঘেৰিটাৰ দিল্লীত থকা পত্নীৰ ড:গায়ত্ৰী মহন্তৰ স’তে যোগাযোগ কৰিছে ৷Theft incident

এতিয়া প্ৰশ্ন হয় কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত থকা কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ ঘৰেই যদি চোৰৰ টাৰ্গেট হয় তেন্তে সৰ্বসাধাৰণ লোকৰ ঘৰ কিমান অসুৰক্ষিত হৈ পৰিব ৷ সেয়া সহজেই অনুমেয় ৷

Exit mobile version