প্ৰতিৰক্ষা খণ্ডৰ বাবে অতিৰিক্ত ৫০ হেজাৰ কোটি টকা আবণ্টন !

পাকিস্তানৰ স'তে সংঘৰ্ষৰ পাছত কেন্দ্ৰৰ সিদ্ধান্ত

1747381849 defence budget

Budget: ভাৰতে দেশৰ প্ৰতিৰক্ষা খণ্ডৰ বাবে আৰু ৫০ হেজাৰ কোটি টকা আবণ্টন দিবলৈ ওলাইছে! যদিও কেন্দ্ৰই এই বিষয়ত এতিয়াও ৰাজহুৱাভাৱে একো কোৱা নাই, তথাপিও কেবাটাও সংবাদ মাধ্যমৰ বাতৰিয়ে ইয়াৰ ইংগিত দিছে।

ADVERTISEMENT

সূত্ৰৰ উদ্ধৃতিৰে কোৱা হৈছে যে এই ধন মূলতঃ অস্ত্ৰ-শস্ত্ৰ আৰু আধুনিক সামৰিক প্ৰযুক্তি ক্ৰয়ৰ বাবে ব্যয় কৰা হ’ব। পাকিস্তানৰ স’তে সামৰিক সংঘাতৰ পাছত ভাৰতৰ এই সিদ্ধান্ত তাৎপৰ্যপূৰ্ণ বুলি অনুমান কৰা হৈছে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি সংসদৰ শীতকালীন অধিৱেশনত প্ৰতিৰক্ষা খণ্ডলৈ আবণ্টনৰ বাবে অতিৰিক্ত বাজেট দাখিল কৰিব পাৰে। প্ৰসংগক্ৰমে এইবাৰৰ বাজেটত প্ৰতিৰক্ষা খণ্ডৰ বাবে ৬.৮১ লাখ কোটি টকা আবণ্টন দিয়া হৈছে।

যোৱা বাজেটৰ তুলনাত এইবাৰৰ বাজেটত আবণ্টন ৯.৫৩ শতাংশ বৃদ্ধি পাইছে। অৱশ্যে যোৱা এটা বছৰত প্ৰতিৰক্ষা বাজেট প্ৰায় তিনিগুণ বৃদ্ধি পাইছে।

ভাৰতে আন দেশৰ পৰা ক্ৰয় কৰা আধুনিক অস্ত্ৰ-শস্ত্ৰৰ লগতে দেশীয় প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মিত অস্ত্ৰৰ ওপৰত নিৰ্ভৰ কৰি পাকিস্তান আৰু পাক অৰ্ধিকৃত জম্মু-কাশ্মীৰত থকা ইয়াৰ সামৰিক ঘাটিসমূহ ধ্বংস কৰি আহিছে।

ৰাছিয়াৰ পৰা ক্ৰয় কৰা এছ-৪০০ এয়াৰ ডিফেন্স চিষ্টেমে পাকিস্তানৰ আক্ৰমণ ৰোধ কৰাত ফলপ্ৰসূ ভূমিকা পালন কৰিছে,যিটো ভাৰতত ‘সুদৰ্শন চক্ৰ’ বুলি জনা যায়।

উল্লেখ্য যে,বিগত ১২ মে’ত দিয়া ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এই অভিযানে (অপাৰেচন সিন্দূৰে ভাৰতত নিৰ্মিত অস্ত্ৰ-শস্ত্ৰৰ ফলপ্ৰসূতা শক্তিশালীভাৱে প্ৰদৰ্শন কৰিছে।”

Exit mobile version