Uzan Bazar liquor depot demolished:
মহানগৰীৰ উজানবজাৰৰ এটা বাসগৃহত লতাশিল আৰক্ষীয়ে অৰ্তকিতে অভিযান চলাই উৎখাত কৰে অবৈধ সুৰাৰ ঘাটি ৷ ঘাটিটো চলাই থকা ধন দাসক আৰক্ষীয়ে আটক কৰে ৷
উল্লেখ্য যে ধন দাসৰ এপিএছ কন্যাই পিতৃৰ বিৰুদ্ধে আৰক্ষীক দিছিল তথ্য ৷ ধন দাসৰ কন্যা কৰ্মসূত্ৰে শোণিতপুৰ জিলাৰ আৰক্ষী উপ-অধীক্ষক ৷ দীৰ্ঘদিন ধৰি ধন দাসে দ্বিতীয় পত্নীৰ সৈতে মিলি উজান বজাৰৰ মালিবাগানৰ বাসগৃহত চলাই আহিছিল অবৈধ সুৰাৰ ৰমৰমীয়া বেহা চলাই আহিছিল ৷
আনহাতে এএছপি কন্যাৰ অভিযোগৰ ভিত্তিত বৃহস্পতিবাৰে লতাশিল আৰক্ষীয়ে পিতৃগৃহত কার্টনে-কার্টনে উদ্ধাৰ কৰে অবৈধ সুৰা ৷