ছ’চিয়েল মিডিয়াৰ ইনফ্লুয়েঞ্চাৰ, গোপনে পাকিস্তানক তথ্য প্ৰচাৰ ! কোন এইগৰাকী জনপ্ৰিয় ইনফ্লুয়েঞ্চাৰ?

IMG 20250517 184912

Spying: পেছাত ছ’চিয়েল মিডিয়াৰ ইনফ্লুয়েঞ্চাৰ। ইউটিউব, ফেচবুক, ইনষ্ট্ৰাগ্ৰামত অনুৰাগীৰ সংখ্যাও কম নহয়। কিন্তু ইমান প্ৰভাৱশালী ব্যক্তিতৰগৰাকী হৈও ইমান ঘৃণনীয় কাণ্ড !

ADVERTISEMENT

তেওঁৰ দেশদ্ৰোহী কাৰ্যকলাপৰ তথ্য ফাদিল হোৱাৰ পাছতে এতিয়া হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে। শেহতীয়াকৈ পাকিস্তানৰ বাবে চোৰাংচোৱাগিৰিৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে হাৰিয়ানাৰ বাসিন্দা জ্যোতি মালহোত্ৰা।

সুন্দৰী এই গুপ্তচৰগৰাকীক গ্ৰেপ্তাৰৰ পাছত তদন্তকাৰীসকলে জানিব পাৰে যে,পাকিস্তানৰ বিৰুদ্ধে অপাৰেচন সিন্ধূৰ চলি থকাৰ সময়তে যুৱতীগৰাকীয়ে ইটোৰ পাছত সিটোকৈ ভাৰতীয় গোপন তথ্য পাকিস্তানলৈ পঠিয়াই আছিল।

পেছাত ট্ৰেভেল কন্টেন্ট ক্ৰিয়েটৰ এইগৰাকী মহিলাই ইয়াৰ পূৰ্বে তিনিবাৰ পাকিস্তানলৈ গৈছে।তাত তেওঁ ভ্ৰমণৰ ভিডিঅ’ও বনাই। ২০২৩ চনত ভাৰতত থকা পাকিস্তানী দূতাবাসৰ কৰ্মী এহছান উৰ ৰহিম ওৰফে ডেনিছৰ স’তে জ্যোতিৰ বাৰ্তালাপ। তেতিয়াই আৰম্ভ হ’ল পাকিস্তানৰ আগ্ৰাসন।

ট্ৰেভেল ভিডিঅ’ বনোৱাৰ আঁৰত তেওঁ পাকিস্তানলৈ গৈ কেবাজনো আই এছ আই এজেণ্ট আৰু বিষয়াক লগ কৰে। তাৰ ভিতৰত জ্যোতিৰ নিয়মীয়া যোগাযোগ আছিল ছাকিৰ আৰু ৰাণ শ্বাহবাজ নামৰ দুজন পাকিস্তানী এজেণ্টৰ স’তে। ডেনিছ আছিল পাকিস্তানৰ দূতাবাসৰ সদস্য।

যোৱা তিনি বছৰত জ্যোতিয়ে হাৰিয়ানা আৰু পঞ্জাৱত এজেণ্টৰ বৃহৎ নেটৱৰ্ক গঢ়ি তুলিছে।শেহতীয়াকৈ হাৰিয়ানা আৰক্ষীয়ে গোপনীয় তথ্যৰ ভিত্তিত জ্যোতিসহ পাঁচজন লোকক গ্ৰেপ্তাৰ কৰিছে। পাঁচদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

ইফালে জ্যোতিৰ ছ’চিয়েল মিডিয়া একাউণ্টৰ পৰা জানিব পৰা গৈছে যে তেওঁৰ ব্লগটোৰ বাবেই তেওঁ নিয়মিতভাৱে ভাৰতৰ বিভিন্ন ঠাইৰ উপৰিও বিদেশ ভ্ৰমণ কৰিছিল। পাকিস্তান আছিল মূল ঘাটি। ট্ৰেভেল ব্লগৰ অজুহাতত ছিংগাপুৰ, চীনকে ধৰি বিভিন্ন দেশলৈও তেওঁ ভ্ৰমণ কৰিছিল।

বৰ্তমান ছ’চিয়েল মিডিয়াত মহিলাগৰাকীৰ বহু ভিডিঅ’ ভাইৰেল হৈ পৰিছে । পাকিস্তানৰ বিভিন্ন স্থান ভ্ৰমণ কৰি ভিডিঅ’ নিৰ্মাণ কৰাও দেখা গৈছে। য’ত জ্যোতিয়ে পাকিস্তানৰ প্ৰশংসা কৰিছে।

তদন্তকাৰীয়ে জনোৱা মতে, জ্যোতি নামৰ এইগৰাকী মহিলাই পাকিস্তানৰ বাবে চোৰাংচোৱাগিৰি কৰিবলৈ ৰেকেট সৃষ্টি কৰিছিল। এই কেলেংকাৰী উদঙাই দিয়াৰ পাছত দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপন হৈছে। জ্ঞাত সূত্ৰৰ মতে, ‘ভাৰতৰ আটাইতকৈ ডাঙৰ বিপদ এই ঘৰুৱা শত্ৰুবোৰ।

Exit mobile version