দিল্লীত জন্ম হ’ব নতুন ৰাজনৈতিক দল !

আপৰ পৰা ১৩ গৰাকী কাউন্সিলাৰৰ পদত্যাগ

IMG 20250517 151837

AAP: আম আদমী পাৰ্টিৰ বৃহৎ খহনীয়া ।দলৰ পৰা পদত্যাগ কৰিলে ১৩ গৰাকী কাউন্সিলাৰে । লগতে তেঁওলোকে ঘোষণা কৰিলে নতুন দল গঠন,যাৰ নাম ইন্দ্ৰপ্ৰস্থ বিকাশ পাৰ্টিৰ কথা।

ADVERTISEMENT

যাৰ নেতৃত্ব দিব মুকেশ গোৱালে। তথ্য অনুসৰি তেওঁলোকে দিল্লী পৌৰসভাত তৃতীয় ফ্ৰণ্ট গঠন কৰিব।

ইতিমধ্যে এটা বিবৃতি কোৱা হৈছে, “আমি সকলোৱে ২০২২ চনত দিল্লী পৌৰ নিগমৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ টিকটত জয়ী হৈছিলো। কিন্তু ২০২২ চনত দিল্লী পৌৰ নিগমৰ ক্ষমতালৈ অহাৰ পাছটো দলৰ শীৰ্ষ নেতৃত্বই দিল্লী পৌৰ নিগমক সঠিকভাৱে পৰিচালনা কৰিব পৰা নাছিল।শীৰ্ষ নেতৃত্ব আৰু কাউন্সিলাৰৰ মাজত সমন্বয় শূন্যত উপনীত হৈছিল। আৰু সেইবাবেই এতিয়া দলটোক বিৰোধী দললৈ হ্ৰাস কৰা হৈছে।”

প্ৰসংগক্ৰমে এইবাৰৰ দিল্লী বিধানসভা নিৰ্বাচনত মুকেশ গোৱালে প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও পৰাজিত হৈছিল।

যোৱা মাহত অনুষ্ঠিত হৈছিল দিল্লী পৌৰসভা নিৰ্বাচন। য’ত বিজেপি জয়ী। দিল্লীৰ নতুন মেয়ৰ হ’ল বিজেপিৰ কাউন্সিলাৰ ৰাজা ইকবাল সিং।

মেয়ৰ নিৰ্বাচনত তেওঁ ১৩৩টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী মনদীপে মাত্ৰ আঠটা ভোটহে লাভ কৰে।

আম আদমী পাৰ্টিয়ে মেয়ৰ নিৰ্বাচন বৰ্জন কৰিছে। এইবাৰ দল পদত্যাগ কৰে ১৩ জন কাউন্সিলাৰে। নতুন দল গঠনৰ এই দাবীয়ে নিশ্চিতভাৱে আম আদমী পাৰ্টিৰ বিভাজন স্পষ্ট কৰি তুলিছে।

Exit mobile version