সন্ত্ৰাসবাদৰ বিৰুদ্ধে অবিৰত অভিযান, কাশ্মীৰৰ ১০টা স্থানত আৰক্ষীৰ তালাচী

IMG 20250517 142635

Jammu and Kashmir: সন্ত্ৰাসবাদৰ বিৰুদ্ধে অহৰহ অভিযান চলাই আছে ভাৰতীয় সেনাই। শনিবাৰে পুৱাৰে পৰা জম্মু-কাশ্মীৰ আৰক্ষীৰ ৰাজ্যিক তদন্তকাৰী সংস্থাই এই অভিযান আৰম্ভ কৰে।

ADVERTISEMENT

কাশ্মীৰ উপত্যকা, কুপৱাৰা, শ্ৰীনগৰ, গণ্ডাৰবাল আৰু বাৰামুল্লা জিলাৰ ১০টা স্থানত অনুসন্ধান চলোৱা হৈছে।

এই অভিযানত এতিয়ালৈকে একো উদ্ধাৰ হোৱা নাই বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। তদুপৰি কোনো লোকক গ্ৰেপ্তাৰ কৰাৰ খবৰ পোৱা নগ’ল। সূত্ৰ অনুসৰি সন্ত্ৰাসবাদীৰ গোপন গুহা আৰু তেওঁলোকৰ ওচৰলৈ অহা ধনৰ উৎসৰ বিষয়ে জানিবলৈ এই অভিযান চলোৱা হৈছে।

আৰক্ষী মহাপৰিদৰ্শক কাশ্মীৰ বি কে ভিৰডিয়ে কয় যে, “উপত্যকাটোত সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বিৰুদ্ধে সেনাই অহৰহ অভিযান চলাই আছে। আৰক্ষীয়ে উগ্ৰপন্থী বিৰোধী অভিযানো তীব্ৰতৰ কৰি তুলিছে।”

উল্লেখ্য যে,বিগত ২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ভাৰত চৰকাৰে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বিৰুদ্ধে কেবাটাও পদক্ষেপ ঘোষণা কৰিছিল।

অপাৰেচন সিন্দূৰত পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ ন’টা সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰা হয়।

ইয়াৰ মাজতে উপত্যকাত আত্মগোপন কৰি থকা উগ্ৰপন্থীৰ সন্ধানত সেনাই কম্বিং অভিযান আৰম্ভ কৰিছে। সেনাই দুটা পৃথক অভিযানত ছয়জন উগ্ৰপন্থীক হত্যা কৰে।

শুকুৰবাৰে আৰক্ষীয়ে উগ্ৰপন্থীৰ তিনি সহযোগীকো গ্ৰেপ্তাৰ কৰে। তেওঁলোকৰ পৰা এটা পিষ্টল, এটা হেণ্ড গ্ৰেনেড আৰু কেবাটাও বিস্ফোৰক উদ্ধাৰ কৰা হৈছে।

Exit mobile version