STF Raid In Bilasipara:জেহাদীৰ বিৰুদ্ধে পুনৰ অভিযান এচটিএফৰ

বিলাসীপাৰা বিভিন্ন স্থানত চলোৱা অভিযানত আটক ৮ জেহাদী

jehadi

STF Raid In Bilasipara:

ভাৰত- পাকিস্তানৰ মাজত সংঘটিত হোৱা যুদ্ধসদৃশ পৰিস্থিতি স্বাভাৱিক হোৱাৰ পিছত এইবাৰ অসমত তৎপৰ হৈ পৰিছে বাংলাদেশী জেহাদী ৷ বিশেষ খবৰৰ ভিত্তিত এছটিএফে বিলাসীপাৰাত জেহাদী বাহৰ পাতি থকাৰ সম্ভেদ লাভ কৰি শুক্ৰবাৰে নিশাই বিভিন্ন স্থানত চলায় অভিযান ।

এই অভিযানত এছটিএফে বিলাসীপাৰাৰ ভিন্নস্থানৰ পৰা আটক কৰে ৮ গৰাকী জেহাদী ৷ ৮জন জেহাদীক নিশাৰে পৰা বিলাসীপাৰা থানাত মাৰাথন জেৰা অব্যাহত ৰাখে এছটিএফে ৷ আটকাধীন জেহাদী কেইজনৰ ৪ জন পুৰুষ আৰু ৪ গৰাকী মহিলা ৷ আটকাধীন ৮ জেহাদীক অধিক জেৰাৰ বাবে গুৱাহাটীলৈ আনিবলৈ যো-জা কৰিছে এছটিএফে

Exit mobile version