ট্ৰাম্প প্ৰশাসনত সন্ত্ৰাসবাদ! হোয়াইট হাউছৰ কমিটীত দুজন প্ৰাক্তন সন্ত্ৰাসবাদী

us president donald trump speaks at the saudi us investment forum in riyadh photo reuters 13021712

White House:আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ উপদেষ্টা ব’ৰ্ডত নিযুক্তি দিয়া হৈছে দুই প্ৰাক্তন উগ্ৰপন্থী ইছমাইল ৰ’ৱাৰ আৰু শ্বেখ হামজা ইউছুফক।

ADVERTISEMENT

ইয়াৰ ভিতৰত ইছমাইলক পাকিস্তানৰ লস্কৰে প্ৰশিক্ষণ দিয়া আৰু কাশ্মীৰত আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন হৈছে। আনজন ইউছেফ হামাছৰ স’তে জড়িত আছিল।

হোৱাইট হাউছৰ সূত্ৰ অনুসৰি এই দুই প্ৰাক্তন জেহাদীক হোয়াইট হাউছৰ ধৰ্মীয় উপদেষ্টা ব’ৰ্ডত ৰখা হৈছে।

উল্লেখ্য যে,আমেৰিকান এগৰাকী সাংবাদিকে ছ’চিয়েল মিডিয়াত দাবী কৰে যে সন্ত্ৰাসবাদী সংগঠনৰ স’তে জড়িত ইতিহাস থকাৰ পাছতো তেওঁলোকক হোৱাইট হাউছৰ কমিটীত যোগ কৰা হৈছে।

তেতিয়াৰ পৰাই এই বিতৰ্ক তীব্ৰতৰ হৈ পৰিছে। প্ৰশ্ন উত্থাপন হয়, সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ কথা কোৱা ড’নাল্ড ট্ৰাম্পৰ প্ৰশাসনে কেনেকৈ এনে সিদ্ধান্ত ল’ব পাৰে?

Exit mobile version