দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

images 29

বলিউদ আৰু দক্ষিণৰ চলচ্চিত্ৰ জগতৰ মাজত সদায় চিনেমাক লৈ শীতল যুদ্ধ চলি আহিছে। দুয়োটা চলচ্চিত্র উদ্যোগৰ মাজত সংঘাতৰ সৃষ্টি হৈছে।

ADVERTISEMENT

এতিয়া ভাৰতীয় চলচ্চিত্ৰৰ কিংবদন্তি দাদাচাহেব ফাল্কেৰ বায়’পিকক লৈ দুয়োটা উদ্যোগৰ মাজত ‘টাগ অৱ ৱাৰ’ আৰম্ভ হৈছে। বৃহস্পতিবাৰে আমিৰে ঘোষণা কৰে ভাৰতীয় চলচ্চিত্ৰৰ অগ্রদূত দাদাচাহেব ফাল্কেৰ বায়’ পিকৰ কথা।

ৰাজকুমাৰ হিৰানীৰ স’তে আমিৰৰ তৃতীয়বাৰৰ যুগলবন্দীৰ খবৰ পাই সকলোৱে উৎফুল্লিত হৈ পৰিছে। ইয়াৰ মাজতে বিস্ফোৰণ ঘটালে দক্ষিণৰ ছুপাৰষ্টাৰ জুনিয়ৰ এনটিআবে।

বৃহস্পতিবাৰে আমিৰৰ এই ঘোষণাৰ কিছু সময়ৰ পাছতে দক্ষিণ চলচ্চিত্র জগতৰ ছুপাৰষ্টাৰ জুনিয়ৰ এনটিআৰে দাদাচাহেব ফাল্কেৰ ওপৰত আন এখন বায় ‘পিক নিৰ্মাণৰ কথা ঘোষণা কৰে।

লগতে তেওঁ দাদাচাহেব ফাল্কেৰ চৰিত্ৰত অভিনয় কৰা বুলিও কয়। প্রকাশ কৰে ছবিখনত দাদাচাহেব ফাল্কেৰ ৰূপত তেওঁৰ ‘লুক’। প’ষ্টটো নিমিষতে ভাইৰেল হৈ পৰিল।

আৰু তাৰ পৰাই অভিনেতা আৰু পৰিচালকজনৰ অনুৰাগীৰ মাজত জল্পনা-কল্পনা আৰম্ভ হৈছে। জুনিয়ৰ এনটিআৰে এছএছ ৰাজামৌলিৰ স’তে এই ছবিখন কৰি আছে।

ছবিখনৰ নাম ‘মেড ইন ইণ্ডিয়া’। প্রাপ্ত তথ্য অনুসৰি, আমিৰ আৰু হিৰানীৰ বহু আগতেই ৰাজামৌলীয়ে দাদাচাহেব ফাল্কেৰ দৰে ব্যক্তিত্বক লৈ এখন ছবি নিৰ্মাণৰ কথা চিন্তা কৰিবলৈ আৰম্ভ কৰিছিল। সেয়েহে দাবী কৰা হৈছে যে ভাৰতীয় চিনেমাৰ পিতৃপুৰুষক লৈ এখন ছবি নিৰ্মাণৰ ধাৰণা তেওঁহে লৈছিল।

পৰিচালক ৰাজামৌলিয়ে ২০২৩তে এই ছবিখনৰ কথা ঘোষণা কৰিছিল। বৃহস্পতিবাৰে ছবি দুখনৰ ঘোষণাৰ লগে লগে ।

কিছু উত্তেজনাৰো সৃষ্টি হৈছে। অৱশ্যে জনা গৈছে যে যদিও ৰাজামৌলিৰ ছবিখন প্ৰায় দুবছৰ পূৰ্বে ঘোষণা কৰা হৈছিল, তথাপি সংশ্লিষ্ট চৰিত্ৰটোৰ বাবে জুনিয়ৰ এনটিআৰৰ হাতত প্রস্তাৱ আহিছিল বহু পাছত।

এনটিআৰে এনে এটা চৰিত্ৰৰ পৰা বঞ্চিত হ’ব বিচৰা নাছিল। বৃহস্পতিবাৰে ছবিখনৰ কথা ঘোষণা কৰাৰ সময়ত আমিৰে লগতে দাবী কৰে, ‘ভাৰতীয় চিনেমাৰ জনক দাদাচাহেব ফাল্কেৰ ওপৰত হিন্দী ছবিত কাম কৰাৰ কথা আগতে কেতিয়াও ভবা নাছিল।

আমাৰ ছবি নিৰ্মাণৰ কাহিনী কোনেও কেতিয়াও চিনেমাত দেখুওৱা নাই।’ আমিৰৰ এই বক্তব্য কিছু পৰিমাণে সত্য বুলি দাবী কৰিছে ইণ্টাৰনেট ব্যৱহাৰকাৰীয়ে। যদিও বলীউডত দাদাচাহেব ফাল্কেৰ ওপৰত কোনো কাম হোৱা নাই, তথাপি আন ভাষাৰ ছবিয়ে তেওঁক দীর্ঘদিন ধৰি শ্রদ্ধাঞ্জলি জনাই আহিছে।

ইয়াৰ ভিতৰত ২০০৯ৰ মাৰাঠী ছবি ‘হৰিশচন্দ্ৰচি ফেক্টৰী’। এই ছবিখনে ৰাষ্ট্ৰীয় বঁটাও লাভ কৰে। এতিয়া একেখন বায়’পিকক লৈ দুয়োটা উদ্যোগৰ মাজত হোৱা এই শীতল যুদ্ধই কি ৰূপ লয় সেয়াহে লক্ষ্যণীয় হ’ব।

Exit mobile version