বিফল ইছৰোৰ কৃত্রিম উপগ্রহ উৎক্ষেপণ! ২০৩ ছেকেণ্ডৰ ভিতৰত বাতিল অভিযান

IMG 20250518 115032

ISRO: ব্যৰ্থ হ’ল ইছৰোৰ ১০১ সংখ্যক উৎক্ষেপণ অভিযান। দেওবাৰে পুৱা বিফলতাৰ সন্মুখীন হ’ল ভাৰতীয় মহাকাশ গৱেষণা সংস্থা। আজি পুৱা পাঁচ বাজি ৪৯ মিনিটত শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা উৰা মাৰিলে PSLV-C61 ৰকেট।

ADVERTISEMENT

লক্ষ্য আছিল EOS-09 কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ। কিন্তু কৰিব পৰা নগ’ল। যান্ত্ৰিক সমস্যাৰ বাবে উপগ্ৰহটো মহাকাশলৈ প্ৰেৰণ কৰিব পৰা নগ’ল। উৎক্ষেপণৰ ২০৩ ছেকেণ্ডৰ পাছত তৃতীয় পৰ্যায়ত সমস্যাৰ সৃষ্টি হোৱাৰ পাছত মিছনটো বাতিল কৰা হয়।

১৬৯৬ কিলোগ্ৰাম ওজনৰ ইঅ’এছ-০৯ উপগ্ৰহটোৱে চি-বেণ্ড এছএআৰ ব্যৱহাৰ কৰি সকলো ঋতুৰ ছবি ল’ব পৰাকৈ ডিজাইন কৰা হৈছে। কিন্তু ৫২৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ সূৰ্য্যৰ সমকালীন মেৰু কক্ষপথত ইয়াক প্ৰতিস্থাপন কৰিব পৰা নগ’ল। প্ৰাৰম্ভিক তথ্যই ইংগিত দিয়ে যে তৃতীয় পৰ্যায়ত এই অভিযান বন্ধ কৰি দিয়া হৈছিল।

২০১৭ চনৰ পাছত এইবাৰ প্ৰথমবাৰৰ বাবে ইছৰোৰ কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণৰ পৰিকল্পনা ব্যৰ্থ হৈছে।

ইছৰোৰ মুৰব্বী ভি নাৰায়ণে পাছত লাইভ ষ্ট্ৰিমত আহি সমগ্ৰ বিষয়টো বুজাই দিলে। তেওঁ কয়,”আজি ১০১ নং অভিযান আৰম্ভ কৰা হৈছে। দ্বিতীয় পৰ্যায়লৈকে পিএছএলভি-চি৬১ স্বাভাৱিক আছিল।কিন্তু তৃতীয় পৰ্যায়ত বিশেষ পৰ্যবেক্ষণৰ পাছত এই অভিযান বাতিল কৰা হয়।’

প্ৰসংগক্ৰমে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই যোৱা জানুৱাৰীত ১০০ সংখ্যক উৎক্ষেপণেৰে এক নজিৰ গঢ়ি তুলিছিল।

Exit mobile version