ভাৰতীয় প্ৰতিৰক্ষা বাহিনীয়ে প্ৰেৰণ কৰা নকল যুদ্ধ বিমানহে ধ্বংস কৰুলে পাকিস্তানে !

images 23

Operation Sindoor: ৰণকৌশলৰ অংশৰূপে ভাৰতীয় প্ৰতিৰক্ষা বাহিনীয়ে প্ৰেৰণ কৰা আচল যুদ্ধবিমানৰ হুবহু নকল বা প্রতিৰূপ বিমানহে ধ্বংস কৰি গৰ্বত ওফন্দি থাকিল পাকিস্তানৰ প্ৰতিৰক্ষা বাহিনী।

ADVERTISEMENT

এই নকল বা ডামি যুদ্ধবিমান পাকিস্তানী আকাশ প্ৰতিৰক্ষা ব্যৱস্থাই ধ্বংস কৰাৰ লগে লগে ভাৰতৰ প্ৰতিৰক্ষা বাহিনীয়ে দেশখনৰ আকাশ প্ৰতিৰক্ষা ব্যৱস্থাৰ খুটি-নাটিৰো উমান পালে।

গতিকে সহজে পাকিস্তানৰ আকাশ প্ৰতিৰোধী ব্যৱস্থা অতিক্ৰম কৰি দেশখনৰ কমেও ১১ টা সামৰিক ঘাটিত ভাৰতীয় প্ৰতিৰক্ষা বাহিনীয়ে আঘাত হানিবলৈ সক্ষম হ’ল। যোৱা ২২ এপ্ৰিলৰ নৃশংস পহলগাম কাণ্ডৰ প্ৰত্যুত্তৰ দিবলৈ ভাৰতে ঘোষণা কৰা ‘অপাৰেছন সিন্দূৰ’ৰ সফলতাক লৈ দেশজুৰি চর্চা থকাৰ সময়তে এই তথ্য পোহৰলৈ আহিছে।

প্রতিৰক্ষা মন্ত্রণালয়ৰ শীৰ্ষ সূত্রই প্রকাশ কৰা মতে, ভাৰতীয় প্ৰতিৰক্ষা বাহিনীয়ে শত্ৰুৰ চকুত ধূলি দিবলৈ তথা বিভ্রান্ত কৰিবলৈ ভিন্ন কৌশল অৱলম্বন কৰে। ইয়াৰ অংশৰূপে পাকিস্তানৰ আকাশ প্রতিৰক্ষা ব্যৱস্থাক বিভ্রান্ত কৰিবলৈ ভাৰতীয় প্রতিৰক্ষা বাহিনীয়ে ডামি যুদ্ধবিমান প্ৰেৰণ কৰে।

ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ এই কৌশলৰ তলা-নলা বুজি পোৱাত ব্যর্থ হয় পাকিস্তানী প্ৰতিৰক্ষা বাহিনী। গতিকে নকল বিমানকে উৰুৱাই সন্তুষ্টি লভে দেশখনৰ প্ৰতিৰক্ষা বাহিনীয়ে। ইয়াৰ সমান্তৰালভাৱে ভাৰতীয় প্রতিৰক্ষা বাহিনীয়ে প্রতিপক্ষৰ প্ৰতিৰক্ষা ব্যৱস্থাৰ সম্পৰ্কে সম্যক ধাৰণা আহৰণ কৰে।

ইয়াৰ ভিত্তিত ভাৰতীয় প্ৰতিৰক্ষা বাহিনীয়ে পৰৱৰ্তী পদক্ষেপ গ্রহণ কৰে। ফলত সিন্দূৰ অভিযান সফল হয়। প্ৰতিৰক্ষা মন্ত্রণালয়ৰ সূত্রই প্রকাশ কৰা অনুসৰি সিন্দুৰ অভিযান আৰম্ভ কৰাৰ পূৰ্বে ভাৰতীয় প্ৰতিৰক্ষা বাহিনীয়ে বহুসংখ্যক ডামি যুদ্ধবিমান নিয়োগ কৰে।

এই বিমানসমূহত বৈমানিক নাছিল। আনহাতে, ‘শত্রু যুদ্ধবিমান’ ধৰা পেলাবলৈ পাকিস্তানে আকাশ প্ৰতিৰক্ষা ব্যৱস্থা সক্ৰিয় কৰি তোলে। এই প্রতিৰক্ষা ব্যৱস্থাৰ ৰাডাৰত ভাৰতীয় প্ৰতিৰক্ষা বাহিনীয়ে প্ৰেৰণ কৰা ডামি বিমানসমূহ ধৰা পৰাত প্রত্যাক্ৰমণ কৰে।

ইয়াৰ লগে লগে শত্ৰুৰ যুদ্ধ তথা প্ৰতিৰক্ষা কৌশল সম্পর্কে ভাৰতীয় প্ৰতিৰক্ষা বাহিনীয়ে তথ্য লাভ কৰে। সূত্ৰৰ মতে, পাকিস্তানে নিয়োগ কৰা চীনত তৈয়াৰী এইছকিউ-৯ৰ অৱস্থান সম্পর্কে ভাৰতীয় প্ৰতিৰক্ষা বাহিনী অৱগত নাছিল।

কিন্তু যেতিয়া দেশখনে ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ ডামি বিমানসমূহ আক্রমণ কৰে তেতিয়া এইছকিউ-৯ৰ সঠিক অবস্থান ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ জ্ঞাত হয়। ফলত দেশখনৰ আকাশ প্ৰতিৰক্ষা ব্যৱস্থাত আঘাত হনাটো ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ বাবে সহজ হৈ পৰে।

একেদৰে এই ডামি বিমানৰ জৰিয়তে ভাৰতীয় প্ৰতিৰক্ষা বাহিনীয়ে পাকিস্তানৰ স্থলসেনাৰো সঠিক অৱস্থান ধৰা পেলায়। তদুপৰি পাকিস্তানে ভাৰতলৈ নিক্ষেপ কৰা ড্ৰ’ন, ক্ষেপণাস্ত্ৰসমূহো ভাৰতীয় প্ৰতিৰক্ষা বাহিনীয়ে ধ্বংস কৰিবলৈ সক্ষম হয়। দেশৰ আকাশ প্ৰতিৰক্ষা ব্যৱস্থাই পাকিস্তানক প্রতিহত কৰিবলৈ সক্ষম হয়।

দেশৰ এই আকাশ প্ৰতিৰক্ষা ব্যৱস্থাত দেশীয় প্রযুক্তিৰে তৈয়াৰী অস্ত্রাদিও ব্যৱহাৰ কৰা হয়। ইপিনে, দেশৰ বৈদেশিক মন্ত্রণালয়ৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি অপাৰেছন সিন্দুৰত পাকিস্তানৰ ১২ টা গুৰুত্বপূৰ্ণ বায়ুসেনা ঘাটিৰ ১১ টাত প্রত্যাঘাত কৰা হয়।

একেদৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সংবাদ মাধ্যমৰ আগত কয়, ‘ভাৰতে পাকিস্তানত প্রত্যাঘাত কৰিবলৈ ব্রাহ্মহ্মছ ক্ষেপণাস্ত্রও ব্যৱহাৰ কৰে। ভাৰতৰ প্রত্যাঘাতত পাকিস্তানে দিনতে এন্ধাৰ দেখিবলৈ লয়।’

অৱশ্যে প্ৰথম অৱস্থাত অপাৰেছন সিন্দুৰৰ জৰিয়তে পাকিস্তানৰ সন্ত্রাসবাদী ঘাটিতহে ভাৰতীয় প্ৰতিৰক্ষা বাহিনীয়ে প্রত্যাঘাত কৰে। তেতিয়া পাক সেনাই ভাৰতৰ সাধাৰণ লোককো আক্ৰমণৰ লক্ষ্য কৰি লোৱাত ভাৰতীয় প্ৰতিৰক্ষা বাহিনীয়ে দেশখনৰ সামৰিক ঘাটিত প্রত্যাঘাত কৰে।

Exit mobile version