‘যুদ্ধ বিৰতি সন্দৰ্ভত কাটাৰত আলোচনা আৰম্ভ ’, জনালে হামাছে!

গাজা দখলৰ বার্তা ইজৰাইলৰ

1747496299 israel

Israel Hamas Ceasefire

ADVERTISEMENT

 

‘যুদ্ধ বিৰতি সন্দৰ্ভত কাটাৰত আলোচনা আৰম্ভ ’, জনালে হামাছে! গাজা দখলৰ বার্তা ইজৰাইল

ইজৰাইলৰ সেনাৰ অবিৰত আক্ৰমণৰ মাজতে স্বাধীনতা সমৰ্থক পেলেষ্টাইন সশস্ত্ৰ সংগঠন হামাছে গাজাত যুদ্ধবিৰতি সন্দৰ্ভত ইতিবাচক বাৰ্তা প্ৰদান কৰিছে।

কাটাৰৰ ৰাজধানী ডোহাত গাজাত যুদ্ধবিৰতি সন্দৰ্ভত নতুন আলোচনা আৰম্ভ হৈছে বুলি সংগঠনটোৰ নেতা তাহেৰ আল নোনোৱে শনিবাৰে ৰয়টাৰক জানিবলৈ দিয়ে ।

তাহেৰে জনাইছে, গাজাত ৰক্তস্ৰোত বন্ধ কৰিবলৈ হামাছে মধ্যস্থতাকাৰীসকলক সম্পূৰ্ণ সমৰ্থন কৰিব। যদিও গাজাত ইজৰাইলী সেনাৰ আক্ৰমণত ইমানখিনিও বাধা অহা নাই। ফলত টেল আভিভে অৱশেষত যুদ্ধবিৰতিৰ বাবে সন্মতি দিবনে নাই সেই লৈ যথেষ্ট সন্দেহৰ সৃষ্টি হৈছে।

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ চৰকাৰে হামাছক নিৰ্মূল আৰু পণবন্দীসকলক উদ্ধাৰৰ বাবে গাজাত নতুন অভিযানৰ কথা ঘোষণা কৰিছে।

প্ৰসংগত ,কাটাৰৰ মধ্যস্থতা আৰু আমেৰিকা আৰু ইজিপ্তৰ প্ৰচেষ্টাত ইজৰাইল চৰকাৰ আৰু হামাছে বিগত ১৫ জানুৱাৰীৰ নিশা যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰে। ১৯ জানুৱাৰীৰ পৰা কাৰ্যকৰী হয়।

কিন্তু মাৰ্চৰ আৰম্ভণিতে ইজৰাইলৰ সেনাই একপক্ষীয়ভাৱে যুদ্ধবিৰতি ভংগ কৰি গাজাত পুনৰ আক্ৰমণ আৰম্ভ কৰে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দীৰ্ঘদিন ধৰি পশ্চিম এছিয়াত এই সংঘাত বন্ধ কৰিবলৈ চেষ্টা কৰি আহিছে।

এই সপ্তাহত পশ্চিম এছিয়া ভ্ৰমণৰ সময়ত ট্ৰাম্পে চৌদি আৰব, সংযুক্ত আৰব আমিৰশ্বাহী আৰু কাটাৰ ভ্ৰমণ কৰিছিল যদিও ইজৰাইল ভ্ৰমণৰ বিশেষভাৱে যোৱা নাছিল।

তিনিদিনীয়া পশ্চিম এছিয়া ভ্ৰমণৰ অন্তত শুকুৰবাৰে তেওঁ আমেৰিকালৈ উভতি অহাৰ পাছত কাটাৰত পুনৰ যুদ্ধবিৰতিৰ প্ৰচেষ্টা আৰম্ভ হৈছে।

Exit mobile version