এইবাৰ ভাৰতীয় ট্ৰেভেল এজেন্সীৰ ওপৰত আমেৰিকাই জাৰি কৰিলে ভিছা নিষেধাজ্ঞা

images 30

America:ড’নাল্ড ট্ৰাম্প দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ পাছত দেশখনৰ প্ৰব্ৰজন নীতিৰ পৰিৱৰ্তন ঘটিছে। ইতিমধ্যে আমেৰিকা প্ৰশাসনে শ শ ‘অবৈধ অনুপ্ৰৱেশকাৰী’ ভাৰতীয়ক বিতাড়িত কৰিছে।

এইবাৰ আমেৰিকাই ভাৰতীয় ট্ৰেভেল এজেন্সীৰ মুৰব্বী আৰু শীৰ্ষ কাৰ্যবাহীসকলৰ ওপৰতো ভিছাৰ নিষেধাজ্ঞা আৰোপ কৰিছে। যিহেতু তেওঁলোকে আমেৰিকাৰ ভূখণ্ডত থকা ভাৰতীয় অবৈধ অনুপ্ৰৱেশ’ক দায়ী বুলি বিশ্বাস কৰে হোয়াইট হাউছে ।

সোমবাৰে আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে জনাইছে,” আমাৰ দূতাবাস আৰু কনছুলেটসমূহে প্ৰতিদিনে কাম কৰি অবৈধ অনুপ্ৰৱেশ, মানৱ সৰবৰাহ, আৰু চোৰাংচোৱাগিৰিৰ সুবিধা প্ৰদান কৰা ব্যক্তিসকলক চিনাক্ত কৰে।”

আৰু কোৱা হৈছে , “ভাৰতত অৱস্থিত আৰু পৰিচালিত ট্ৰেভেল এজেন্সীৰ মালিক, কাৰ্যবাহী আৰু জ্যেষ্ঠ বিষয়াসকলৰ ওপৰত ভিছাৰ নিষেধাজ্ঞা আৰোপ কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে।”

সেই দেশত অবৈধ প্ৰৱেশৰ বাবে তেওঁলোক দায়ী বুলি স্পষ্ট কৰি দিছে আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছতে ট্ৰাম্প প্ৰশাসনে দেশৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰাৰ সিদ্ধান্ত লয়।

সেই উদ্দেশ্যে ইতিমধ্যে হেজাৰ হেজাৰ অবৈধ বাসিন্দাক বিমানেৰে নিজ নিজ দেশলৈ ঘূৰাই পঠিওৱা হৈছে। অবৈধভাৱে আমেৰিকাত বসবাস কৰা ভাৰতীয়সকলক বাদ দিয়া হোৱা নাই।

Exit mobile version