যুদ্ধই প্ৰতি সপ্তাহত পাঁচ হেজাৰ লোকৰ প্ৰাণ কাঢ়িছে!

ৰাছিয়া-ইউক্ৰেইনৰ সংঘাতক লৈ ড’নাল্ড ট্ৰাম্পৰ মন্তব্য

1745330896 ukraine

Russia Ukraine Conflict: ৰাছিয়া-ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত পুনৰ মন্তব্য কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। সোমবাৰে প্ৰায় দুঘণ্টা ধৰি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ স’তে ফোনত কথা পাতিছিল ট্ৰাম্পে। পুটিনৰ স’তে ফোন কলৰ অন্তত ৰাছিয়া-ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত বিভিন্ন মন্তব্য কৰে।

ADVERTISEMENT

এই যুদ্ধৰ পৰিস্থিতি এই পৰ্যায়লৈ অনাৰ বাবে তেওঁ জ’ বাইডেনৰ প্ৰশাসনকো দোষাৰোপ কৰে। মস্কো আৰু কিয়েভৰ মাজত সংঘাতৰ সন্দৰ্ভত ট্ৰাম্পে কয় যে, “প্ৰতি সপ্তাহত গড়ে পাঁচ হেজাৰ যুৱ সৈনিকৰ মৃত্যু হৈছে…! আমি ইয়াক ৰোধ কৰিবলৈ চেষ্টা কৰিছো।”

ৰাছিয়া-ইউক্ৰেইন যুদ্ধত মধ্যস্থতা কৰাৰ বাবে আমেৰিকাই কৰা প্ৰচেষ্টা নতুন নহয়। ইয়াৰ পূৰ্বেও তেওঁ বিভিন্ন সময়ত ৰাছিয়া-ইউক্ৰেইনৰ সংঘাতৰ বিষয়ে মন্তব্য কৰিছিল।

সোমবাৰে পুটিনৰ স’তে ফোন যোগে বাৰ্তালাপৰ পাছত ট্ৰাম্পে ঘোষণা কৰে যে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধবিৰতিৰ আলোচনা তৎক্ষণাত আৰম্ভ হ’ব।

যদিও তেওঁ আলোচনা তৎক্ষণাত আৰম্ভ হোৱাৰ সন্দৰ্ভত কোনো মন্তব্য নকৰিলেও পাছত ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ইউক্ৰেইনৰ স’তে সংঘাতৰ অন্ত পেলাবলৈ আগ্ৰহী বুলি কয়। ৱাশ্বিংটনত অনুষ্ঠিত এক অনুষ্ঠানত ভাষণ দি ট্ৰাম্পে কয়,”ভ্লাদিমিৰ পুটিন নামৰ এজন অতি ভাল ব্যক্তিৰ স’তে মোৰ চুটি কথা-বতৰা হৈছিল। আমাৰ মাজত ইতিবাচক আলোচনা হৈছিল আৰু মই ভাবো (যুদ্ধবিৰতি আলোচনাৰ ওপৰত) কথাবোৰ আগবাঢ়িছে।”

আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয়, “আমি (যুদ্ধ) বন্ধ হোৱাটো বিচাৰো। তাত প্ৰকৃত অৰ্থত ৰক্তস্নান চলিছে। মই কৃত্ৰিম উপগ্ৰহৰ ছবিবোৰ দেখিছো, কিমান ভয়ংকৰ…! এইটো আমাৰ যুদ্ধ নহয়। আমি যিমান পাৰো কৰিছো।”

প্ৰসংগত তেওঁ পূৰ্বৰ বাইডেন প্ৰশাসনকো আঙুলিয়াই তুলে। ট্ৰাম্পৰ দাবী, পূৰ্বৰ প্ৰশাসনৰ পৰিঘটনাৰ স’তে তেওঁ মোকাবিলা কৰিবলগীয়া হয়। বাইডেন প্ৰশাসনে কেনেকৈ এনে পৰিস্থিতিৰ সৃষ্টি হ’বলৈ দিলে সেয়াও প্ৰশ্ন উত্থাপন কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে।

দৰাচলতে বিগত শুকুৰবাৰে ইস্তানবুলৰ ৰয়েল পেলেচত কোনো মধ্যস্থতাকাৰী অবিহনে যুদ্ধবিৰতিৰ প্ৰস্তাৱৰ ওপৰত ৰাছিয়া আৰু ইউক্ৰেইনে প্ৰথমবাৰৰ বাবে মুখামুখি আলোচনা অনুষ্ঠিত কৰিছিল।

কিন্তু যুদ্ধৰ ১১৭৭ তম দিনত দুয়োপক্ষৰ মাজত হোৱা প্ৰথমখন মুখামুখি সাক্ষাৎ ফলপ্ৰসূ নহ’ল। ইয়াৰ পাছত যুদ্ধবিৰতিৰ বাবে পুনৰ সক্ৰিয় হৈ পৰে ট্ৰাম্প।

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিয়েও ট্ৰাম্প-পুটিনৰ ফোনযোগে বাৰ্তালাপৰ সময়ত ছ’চিয়েল মিডিয়াত প’ষ্ট কৰে। জেলেনস্কিয়ে দাবী কৰে যে সোমবাৰে তেওঁ দুবাৰকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ স’তে কথা পাতিছিল।

পাছত ইউৰোপৰ বিভিন্ন দেশৰ নেতা আৰু ট্ৰাম্পৰ স’তে ফোনত কথা পাতিছিল। অৱশ্যে জেলেনস্কিৰ স’তে হোৱা ফোন কলৰ বিষয়ে ট্ৰাম্পে একো উল্লেখ কৰা নাছিল। জেলেনস্কিয়ে জনাইছে যে ,ইউক্ৰেইন সদায় শান্তিৰ পক্ষত আছিল।যদি ৰাছিয়াই হত্যা বন্ধ নকৰে, যদি বন্দীসকলক মুকলি কৰি নিদিয়ে, যদি পুটিনে পুনৰ অবাস্তৱ দাবী উত্থাপন কৰে, তেন্তে বুজি লোৱা উচিত যে ৰাছিয়াই যুদ্ধখন দীঘলীয়া কৰিব।

Exit mobile version