হঠাৎ বৃদ্ধি পাইছে ক’ভিড সংক্রমণ! 

Corona 2 1

COVID-19: পুনৰ ঘূৰি আহিছে মহামাৰীৰ আশংকা । হংকং, থাইলেণ্ড, ছিংগাপুৰকে ধৰি বহু কেইখন ঠাইত দ্ৰুতগতিত বৃদ্ধি পাইছে ক’ৰনা সংক্ৰমণ । ভাৰততো আক্ৰান্ত হৈছে ২৫৭ জন লোক !

ADVERTISEMENT

কিয় এনেদৰে হঠাৎ বৃদ্ধি পাইছে সংক্ৰমণ?

ছিংগাপুৰৰ স্বাস্থ্য মন্ত্ৰালয়ে দাবী , সংক্ৰমণৰ বৃদ্ধিৰ কাৰণ হৈছে ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পোৱা আৰু জেএন.১ৰ চাৰভেৰিয়েন্ট LF.7 আৰু NB.1.8ৰ আধিপত্য।

JN.1 হৈছে অ’মিক্ৰণ BA.2.86 ৰ এটা চাৰভেৰিয়েন্ট। ২০২৩ চনৰ আগষ্ট মাহত প্ৰথমবাৰৰ বাবে ইয়াৰ সন্ধান পোৱা গৈছিল ।

সময়ৰ লগে লগে টিকাকৰণৰ পৰা সুৰক্ষা কমিবলৈ আৰম্ভ কৰিছে বুলিও দাবী কৰা হৈছে। বিশেষকৈ ৬৫ বছৰ আৰু তাতকৈ অধিক বয়সৰ লোকৰ ক্ষেত্ৰত সংক্ৰমণৰ আশংকা বাঢ়িছে।

ইয়াৰ উপৰিও ঋতু অনুসৰি সংক্ৰমণ, সামাজিক যোগাযোগ বৃদ্ধি, ভ্ৰমণ আদিও সংক্ৰমণ বৃদ্ধিৰ কাৰণ বুলি অনুমান কৰা হয়।

বৰ্তমানলৈকে ভাৰতৰ ক’ভিড পৰিস্থিতি সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণত আছে।শেহতীয়াকৈ প্ৰশাসনিক আৰু চিকিৎসা পৰ্যায়ত এখন বৈঠকত পৰিস্থিতিৰ পৰ্যালোচনা কৰা হয়। স্বাস্থ্য মন্ত্ৰালয়ে সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে বুলি এক সূত্ৰই প্ৰকাশ কৰিছে।

দেশত এই পৰ্যন্ত আক্ৰান্ত হোৱা ২৫৭ জন লোকৰ ভিতৰত আটাইকেইজনৰ আক্রান্ত অতি সামান্য। এই ধৰণৰ সংক্ৰমণৰ ফলত চিকিৎসালয়ত ভৰ্তি হোৱাৰ সম্ভাৱনা, গুৰুতৰ অসুস্থতা বা মৃত্যুৰ সম্ভাৱনা বহু কম।

২০১৯ চনৰ শেষৰ ফালে চীনৰ পৰা সমগ্ৰ বিশ্বলৈ মাৰাত্মক কৰ’না ভাইৰাছে বিয়পি পৰে।ইয়াৰ ফলত বিশ্বৰ ৭০ লাখতকৈ অধিক লোকৰ মৃত্যু হয়।

মহামাৰীৰ সেই ভয়াবহ দিনবোৰ কেতিয়াও ঘূৰি নাহিবলৈ সমগ্ৰ বিশ্বই এতিয়াও প্ৰাৰ্থনা কৰে । এনে পৰিস্থিতিত পুনৰ আশংকা বৃদ্ধি কৰিছে কৰ’না ভাইৰাছৰ।

Exit mobile version