Kidnapping incident in Dhubri:লোহাজানীত এপষেকে উদ্ধাৰ নহল অপহৃত নাবালিকা,ৰহস্যজনক হালাকুৰা আৰক্ষীৰ ভূমিকা

dhubri

Kidnapping incident in Dhubri:

ADVERTISEMENT

ধুবুৰী জিলাৰ হালাকুৰা আৰক্ষী তালাচী চকীৰ অন্তৰ্গত লোহাজানী গাঁৱৰ পৰা যোৱা ছয় মেত অপহৰণ হোৱা এগৰাকী নাবালিকাক আজিলৈকে আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম নোহোৱা ঘটনাই অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। জানিব পৰা বটেৰহাটৰ সোনিয়া ৰায়ৰ পুত্ৰ পংকজ ৰায় সিদিনা প্ৰেমৰ ছলনাৰে নিশা আঠ বজাত নাবালিকা গৰাকীক ঘৰৰ পৰা মাতি নি অপহৰণ কৰে।

পিছদিনা পঞ্চায়ত নিৰ্বাচনৰ বাবে ওচৰ চুবুৰীয়া সকলো ব্যস্ত আছিল। সেই সুযোগ গ্ৰহণ কৰে পংকজে। ইফাল সিফাল আত্মীয়ৰ ঘৰত বিচাৰ খোচাৰ কৰি সন্ধান নাপাই আঠ মেত পৰিয়ালৰ লোকে হালাকুৰা আৰক্ষী তালাচী চকীত পংকজ ৰায়ৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। এজাহাৰ দাখিল কৰাৰ এটা পষেক উকলি যোৱা সত্বেও সন্ধান উলিওৱাত ব্যৰ্থ হৈ পৰিছে হালাকুৰা আৰক্ষী।

এই সন্দৰ্ভত পৰিয়ালৰ লোক আৰক্ষী চকী খনলৈ তাতবাটি কৰিও কোনো সুফল পোৱাৰ বঞ্চিত হৈ আহিছে। ইপিনে অপহৰণকাৰী পংকজ আৰু পংকজৰ নিৰ্দেশত অপহৃতা নাবালিকাই প্ৰায়ে ফোন কৰি গোচৰ তুলিবলৈ চাপ দি আহিছে। কালি সন্ধিয়াও মাকক ফোন কৰি গোচৰ তুলিলে ঘৰত উভতি আহিব বুলি প্ৰলোভিত কৰিছিল। কিন্তু তৎসত্বেও হালাকুৰা আৰক্ষীয়ে ফোন ট্ৰেচ কৰিব নোৱাৰা ঘটনাই আৰক্ষীৰ ভুমিকাৰ ওপৰত স্থানীয় ৰাইজৰ সন্দেহ উপজিছে। নাবালিকা কিশোৰী অপহৰণৰ ক্ষেত্ৰতো আৰক্ষীৰ এনে সোপা ঢিলা নীতিত স্থানীয় ৰাইজ অসন্তুষ্টি প্ৰকাশ কৰি জিলা আৰক্ষী অধীক্ষকৰ হস্তক্ষেপ দাবী কৰিছে।

 

Exit mobile version