ইজৰাইলৰ সেনাৰ আক্ৰমণত নিহত হামাছৰ শীৰ্ষ নেতা!

গাজা সম্পূৰ্ণৰূপে দখল কৰাৰ ভাবুকি নেতানিয়াহুৰ 

netaniyahu

Israel Hamas War: ইজৰাইলৰ আক্ৰমণত হামাছৰ অন্যতম শীৰ্ষ নেতা মহম্মদ সিনৱাৰ নিহত হোৱাৰ সন্দেহ।এই দাবী ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ। একে সময়তে তেওঁৰ দাবী, ইজৰাইল সেনাই এতিয়ালৈকে কমেও দহ হেজাৰ উগ্ৰপন্থীক নিৰ্মূল কৰিছে।

ADVERTISEMENT

জেৰুজালেমত এখন সংবাদমেলত নেতানিয়াহুৱে কয় “আমি হেজাৰৰো অধিক সন্ত্ৰাসবাদীক নিৰ্মূল কৰিছো। “আমি সেই হত্যাকাৰীৰ নেতা ডেইফ, হানিয়া, ইয়াহিয়া সিনৱাৰকো নিৰ্মূল কৰা হৈছে। আৰু সম্ভৱৱত আমি মহম্মদ সিনৱাৰক হত্যা কৰিছো।আমাৰ সেনাই গাজাৰ অধিক সংখ্যক অঞ্চল দখল কৰিছে। অৱশেষত সেই ভূখণ্ডৰ সকলো অংশ ইজৰাইলৰ নিৰাপত্তা বাহিনীৰ নিয়ন্ত্ৰণলৈ আহিব।’

কিন্তু হামাছৰ হাতত এতিয়াও বহু পণবন্দী আছে। তেওঁলোকৰ কি হ’ব? তেওঁৰ দাবী,অস্থায়ী যুদ্ধবিৰতিৰ ক্ষেত্ৰত তেওঁৰ কোনো আপত্তি নাই । সেই সময়ত পণবন্দীসকলক ঘূৰাই পঠোৱা সম্ভৱ হ’ব।

কিন্তু অন্যথা ইজৰাইল সেনাই গাজাক সম্পূৰ্ণ নিয়ন্ত্ৰণ নোলোৱালৈকে তেওঁলোকে স্থায়ী যুদ্ধবিৰতিৰ দিশত আগবাঢ়িবলৈ ইচ্ছুক নহয়।

উল্লেখ্য যে ,পণবন্দীসকলক মুকলি কৰি দিয়াৰ বিনিময়ত ইজৰাইলে হামাছৰ স’তে দুমাহৰ যুদ্ধবিৰতি চুক্তিত উপনীত হৈছিল।

সেই চুক্তিৰ ম্যাদ উকলি যোৱাৰ লগে লগে গাজাৰ জনসাধাৰণে নতুনকৈ নৰক যন্ত্ৰণা অনুভৱ কৰিলে। ইজৰাইলৰ সেনাৰ অবিৰত আক্ৰমণৰ ফলত জনজীৱন ছিন্নভিন্ন হৈ পৰিছে।

Exit mobile version