নিৰাপত্তাবাহিনীৰ গুলীত নিহত মাওবাদী, শ্বহীদ কোব্ৰা কমাণ্ডোও 

IMG 20250522 190355

Chhattisgarh: আজিও অব্যাহত আছে চত্তীশগড়ত মাওবাদী দমন অভিযান। বন্দুকৰ যুদ্ধত নিহত হয় এজন মাওবাদী । লগতে তথ্য পোৱা গৈছে, মাওবাদী গুলীত শ্বহীদ হৈছে চি আৰ পি এফৰ এজন কমাণ্ডো বিষয়া।

ADVERTISEMENT

চত্তীশগড়ৰ সুকমা জিলাত অবিৰত অভিযান চলাইছে নিৰাপত্তা বাহিনীয়ে ।

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ আৰু পৰৱৰ্তী সময়ত অপাৰেচন সিন্দুৰৰ মাজতো সেনাই দেশৰ ভিতৰতে মাওবাদী বিৰোধী অভিযান অব্যাহত ৰাখিছে। বিশেষ টাস্ক ফ’ৰ্চ আৰু চি আৰ পি এফৰ ২১০ নং বেটেলিয়নৰ কোব্ৰা ইউনিটে টুমৰেল গাঁও এলেকাত অবিৰত অভিযান চলাই আছে।

তথ্য অনুসৰি,বৃহস্পতিবাৰে নিৰাপত্তাৰক্ষীৰ গুলীচালনাত মাওবাদী দলৰ এজন সদস্য নিহত হয়।

নিশ্চিত নোহোৱা সূত্ৰই প্ৰকাশ কৰা অনুসৰি বন্দুকৰ যুঁজত এজন কোব্ৰা জোৱানে প্ৰাণ হেৰুৱাইছে। তথ্য অনুসৰি, আহতসকলক উলিয়াই আনিবলৈ এখন বায়ুসেনাৰ হেলিকপ্টাৰ ব্যৱস্থা কৰা হৈছে।

অহা বছৰৰ মাৰ্চ মাহৰ ভিতৰত বাওঁপন্থী উগ্ৰবাদ নিৰ্মূল কৰাৰ লক্ষ্যৰে মাওবাদী প্ৰভাৱিত ৰাজ্যসমূহত নিৰাপত্তা বাহিনীয়ে ধাৰাবাহিক অভিযান চলাইছে। তাৰ ভিতৰত আছে চত্তীশগড়।

ৰাজ্যখনৰ বাষ্টাৰত বুধবাৰে নিৰাপত্তা বাহিনী আৰু মাওবাদীৰ মাজত হোৱা বন্দুকৰ যুঁজত ২৬টা মাওবাদী নিহত হয়।

ইয়াৰ ভিতৰত আছিল মাওবাদী সংগঠনৰ মুৰব্বী নামবালা কেশৱ ৰাও ওৰফে বাছবৰাজুৰ। তেওঁৰ মূৰত দাম আছিল ডেৰ কোটি টকা।

Exit mobile version