ভাৰতীয়ই ভুৱা বাতৰি অধিক বিশ্বাস কৰে! প্ৰতিবেদনত প্ৰকাশ 

fake news

Fake News: ভুৱা বাতৰিৰ দ্বাৰা সহজেই প্ৰভাৱিত হয় ভাৰতীয়সকল। ৰিপোৰ্টত কোৱা হৈছে এই কথা । ভাৰতীয়ৰ বাবে যথেষ্ট নেতিবাচক এই তথ্য পেৰিছৰ এটা গৱেষণা সংস্থাৰ প্ৰতিবেদনৰ পৰা ওলাইছে।

ADVERTISEMENT

কিন্তু জৰীপৰ বাবে বাছি লোৱা অঞ্চলটো সৰু নহয়। ভাৰত, ব্ৰিটেইন, আমেৰিকা, ফ্ৰান্সৰ প্ৰায় ৮৮০০ লোকৰ নমুনাৰ ওপৰত কৰা এই অধ্যয়নত দেখা গৈছে যে ভাৰতীয়সকলে ভুল তথ্য আৰু ভুৱা বাতৰিক সহজেই বিশ্বাস কৰে।

ইপছ’ছ গ্ৰুপে কৰা এক সমীক্ষা অনুসৰি ভাৰতীয়সকলৰ এটা বাতৰিৰ সত্যতাৰ বুজাবুজি অতি কম। ভুৱা বাতৰি আৰু বাস্তৱ বাতৰিৰ মাজত পাৰ্থক্য কৰিব নোৱাৰে।

ইয়াৰ বিপৰীতে আমেৰিকা আৰু ব্ৰিটেইনৰ মানুহৰ সঠিক আৰু ভুল খবৰ বা তথ্য বুজি পোৱাৰ ক্ষমতা বহুত বেছি।

ডিজিটেল জগতখন বৃদ্ধি পোৱাৰ লগে লগে সমগ্ৰ বিশ্বতে ভুৱা বাতৰি প্ৰচাৰৰ ধাৰাটো ভয়ংকৰভাৱে বৃদ্ধি পাইছে।

খবৰবোৰ মছলাযুক্ত কৰিবলৈ যিসমূহ ভুৱা বাতৰি বিয়পোৱা হয় সেইসমূহ ভাৰতীয়সকল সহজেই প্ৰভাৱিত হয় বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে।

Exit mobile version