পাকিস্তানক নিজৰ উপগ্ৰহ ব্যৱস্থা ব্যৱহাৰ কৰিবলৈ দিবলৈ সন্মত চীন!

1747987724 chinese satellite

China:চীন আৰু পাকিস্তানে তেওঁলোকৰ কৌশলগত বুজাবুজি আৰু অধিক বৃদ্ধি কৰিছে। একাধিক সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বিগত ১৬ মে’ত দুয়োখন দেশৰ সামৰিক বিষয়াৰ মাজত এখন বৈঠক অনুষ্ঠিত হৈছিল।

ADVERTISEMENT

সেই বৈঠকত সিদ্ধান্ত লোৱা হৈছিল যে পাকিস্তান সেনাই নিজৰ নিৰাপত্তাজনিত কাৰণত চীনৰ নিজা উপগ্ৰহ ব্যৱস্থা ব্যৱহাৰ কৰিব পাৰিব।

ভাৰত-পাকিস্তানৰ সামৰিক সংঘাতৰ পৰিপ্ৰেক্ষিতত দুয়োখন দেশৰ সেনাৰ মাজত এই বৈঠক তাৎপৰ্যপূৰ্ণ বুলি অনুমান হৈছে।

যদিও এই বিষয়ত বেইজিং বা ইছলামবাগে ৰাজহুৱাভাৱে কোনো কথা প্ৰকাশ কৰা নাই।

‘অপাৰেচন সিন্দূৰ’ৰ পাছত ভাৰত-পাক সামৰিক সংঘাতত অসীম মুনিৰৰ সেনাই চীনা অস্ত্ৰ ব্যৱহাৰ কৰাৰ ইংগিত পোৱা গৈছে। কিন্তু ভাৰতে নিজৰ দেশীয় অস্ত্ৰৰে চীনত নিৰ্মিত পাকিস্তানী যুদ্ধ বিমান আৰু ক্ষেপণাস্ত্ৰ ব্যৱস্থাক পৰাস্ত কৰে।

এই প্ৰসংগত বৃহস্পতিবাৰে এখন সংবাদমেলত বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰন্ধীৰ জয়ছৱালে বেইজিঙক “পাৰস্পৰিক শ্ৰদ্ধা আৰু সন্মান”ৰ গুৰুত্বৰ কথা সোঁৱৰাই দিয়ে।

তেওঁ কয়,” চীনে নিশ্চিতভাৱে জানে যে,দুয়োখন দেশৰ মাজত সম্পৰ্কৰ ভিত্তি হ’ল পাৰস্পৰিক আস্থা, আত্মবিশ্বাস আৰু সংবেদনশীলতা।”

শেহতীয়াকৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে চীন ভ্ৰমণ কৰিছিল পাকিস্তানৰ উপ-প্ৰধানমন্ত্ৰী তথা বৈদেশিক মন্ত্ৰী ইছহাক দাৰে। তেওঁৰ ভ্ৰমণৰ সময়ত চীনে জনাই,তেওঁলোকে ভাৰত আৰু পাকিস্তানক “গুৰুত্বপূৰ্ণ প্ৰতিবেশী” বুলি গণ্য কৰে ।

কেৱল সেয়াই নহয়, ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি চুক্তি অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰতো গঠনমূলক ভূমিকা পালন কৰিব বুলি জনাই বেইজিঙে ।

Exit mobile version