Pakistan: প্ৰাকৃতিক বিপৰ্যয়ৰ কৱলত পৰা বিমানক নিজৰ আকাশমাৰ্গ ব্যৱহাৰ কৰিবলৈ নিদিলে ‘অমানৱীয়’ পাকিস্তানে।তথ্য অনুসৰি,বুধবাৰে ভয়াৱহ ধুমুহাত দুৰ্ঘটনাগ্ৰস্ত হোৱা শ্ৰীনগৰ অভিমুখী ইণ্ডিগ’ বিমানখন পাকিস্তানৰ আকাশমাৰ্গত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাছিল।
যাৰ বাবে সমস্যা সৃষ্টি হোৱা বুলি বৃহস্পতিবাৰে ইণ্ডিগ’ই জানিবলৈ দিয়ে ।
বুধবাৰে শ্ৰীনগৰৰ সমীপত ভয়াৱহ ধুমুহা আৰু শিলাবৃষ্টিৰ ফলত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। মাজ আকাশত বিপদৰ সন্মুখীন হয় ২২৭ জন যাত্ৰী কঢ়িয়াই অনা এখন বিমান।
শ্ৰীনগৰৰ সমীপ পোৱাৰ পাছতে আৰম্ভ হয় প্ৰচণ্ড শিলাবৃষ্টি। গধুৰ শিলৰ খুন্দাত বিমানখনৰ সন্মুখভাগ ভাঙি যায়।
যাৰ ফলত বিমানখনত প্ৰচণ্ড জোকাৰণিৰ সৃষ্টি হয়।যাত্ৰীসকল আতংকিত হৈ পৰে । বিমানখনত ইটোৰ পাছত সিটো শিল পৰিবলৈ আৰম্ভ কৰে যাৰ ফলত বিমানখন কপিবলৈ আৰম্ভ কৰে ।
ইয়াৰে কেবাটাও ভয়ংকৰ ভিডিঅ’ সম্প্ৰতি ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।
কঠিন পৰিস্থিতিৰ সন্মুখীন হৈ বিমানখনৰ পাইলটে ওচৰৰ লাহোৰ বিমানবন্দৰত বিমান পৰিবহণ নিয়ন্ত্ৰণৰ স’তে যোগাযোগ কৰি পৰিস্থিতিৰ স’তে মোকাবিলা কৰিবলৈ পাকিস্তানৰ আকাশমাৰ্গত সাময়িকভাৱে প্ৰৱেশ কৰাৰ অনুমতি বিচাৰিছিল। কিন্তু লাহোৰ এটিচিয়ে বিমানখনক অনুমতি নিদিলে।
অৱশেষত প্ৰতিকূল পৰিস্থিতিতে বিমানখন উৰুৱাবলৈ বাধ্য হয় পাইলটজনে। অৱশ্যে অৱশেষত তেওঁ বিমানখন নিৰাপদে শ্ৰীনগৰ বিমানবন্দৰত অৱতৰণ কৰে।
কিন্তু শিলৰ আঘাতৰ বাবে বিমানখনৰ সন্মুখৰ অংশ ভাঙি যায়। ঘটনাৰ পিছদিনা বিমান সংস্থা ইণ্ডিগ’ই কয় যে সাময়িকভাৱে লাহোৰত অৱতৰণ কৰিব নোৱাৰাৰ বাবে সমস্যাটো অধিক ভয়াৱহ হৈ পৰিছে।