উচ্চহাৰৰ মুনাফা প্ৰতিশ্ৰুতি দি প্ৰবঞ্চনা! 

বিশ্বৰ বিভিন্ন দেশৰ বিনিয়োগকাৰীক লুণ্ঠন চলালে আৰবৰ প্ৰবঞ্চক প্ৰতিষ্ঠানে 

images 2 3

Europe: বিনাকষ্টে অধিক ধনী হোৱাৰ সপোন দেখা বিনিয়োগকাৰীৰ ধনত এইবাৰ লুণ্ঠন চলালে আৰবৰ এটা প্রবঞ্চক প্রতিষ্ঠানে। প্রতিষ্ঠানটোৰ দ্বাৰা প্রবঞ্চিত বিনিয়োগকাৰীসকলৰ মাজত অনেক ভাৰতীয় লোকো আছে।

ADVERTISEMENT

এইসকলৰ বহু সংখ্যক হৈছে কেৰালা আৰু কৰ্ণাটকৰ। সংযুক্ত আৰব আমিৰ শ্বাহিৰ এই প্রবঞ্চক প্রতিষ্ঠানৰ কাৰ্যালয় ডুবাহৰ বিজনেছ বে’ত অবস্থিত কেপিটেল গ’ল্ডেন টাৱাৰৰ ৩০২ নম্বৰ ফ্লেটত আছিল।

বিগত সময়ত সক্রিয় হৈ থকা প্রতিষ্ঠানটোৰ এই কার্যালয় অলপতে হঠাতে বন্ধ হৈ পৰে। ইয়াৰ পূৰ্বে প্রতিষ্ঠানটোৱে ভুৱা প্রতিশ্রুতিৰে ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন দেশৰ বিনিয়োগকাৰীৰ পৰা বিপুল ধন সংগ্রহ কৰে।

প্রতিষ্ঠানটোৰ কাৰ্যালয় বন্ধ হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে বিনিয়োগকাৰীসকলৰ মাজত হাহাকাৰ লাগিছে। গাল্ফ ফার্স্ট কমার্চিয়েল ব্ৰকাৰেজ নামৰ প্ৰবঞ্চক প্রতিষ্ঠানে দেশী-বিদেশী বিনিয়োগকাৰীসকলৰ উচ্চ হাৰৰ মুনাফা দিয়াৰ প্রলোভনৰে বিপুল অংকৰ ধন সংগ্ৰহ কৰি উধাও হয়।

ডুবাই আৰক্ষীৰ তদন্তত পোহৰলৈ অহা অনুসৰি ডুবাইৰ কেপিটেল গ’ল্ডেন টাৱাৰত প্রতিষ্ঠানটোৰ মুঠ দুটা কার্যালয় আছিল। ইয়াৰে মূল কাৰ্যালয় ৩০২ নম্বৰ ফ্রেটত আৰু দ্বিতীয়টো কার্যালয় ৩০৫ নম্বৰ ফ্লেটত আছিল। কার্যালয় দুটাত প্রতিষ্ঠানটোরে ৪০ জন কর্মচাৰীও নিয়োজিত কবে।

এই কর্মচাৰীসকলে দেশী-বিদেশী বিনিয়োগকাৰীৰ স’তে বিভিন্ন মাধ্যমৰে যোগাযোগ কৰে। বিনিয়োগকাৰীসকলক উচ্চ হাৰৰ মুনাফা দিয়াৰ প্রতিশ্রুতি দিয়ে প্রবঞ্চক প্রতিষ্ঠানটোৰ কৰ্মচাৰীয়ে। এই প্রতিশ্রুতিত ভোল গৈয়ে অগণন দেশী-বিদেশী বিনিয়োগকাৰীয়ে প্রতিষ্ঠানটোত ধন বিনিয়োগ কৰে।

কেৱল ভাৰতীয় বিনিয়োগকাৰীৰে দুই কোটি টকা আত্মসাৎ কৰা বুলি চর্চিত হৈছে। তদন্তত পোহৰলৈ অহা অনুসৰি ভাৰতীয় বিনিয়োগকাৰীসকলক প্রবঞ্চনাৰ ক্ষেত্ৰত প্রতিষ্ঠানটোক সহায় কৰে কেৰালাৰ মহম্মদ আৰু ফায়াজ নামৰ দুজন প্ৰৱাসী লোকে।

এই লোক দুজনে কেৰালাৰ বিনিয়োগকাৰীসকলৰ স’তে মাতৃভাষাত কথা পাতি প্রবঞ্চক প্রতিষ্ঠানটোত বিনিয়োগ কৰাবলৈ সন্মত কৰায়। প্রবাসী লোক দুজনৰ আভুৱা ভাঁৰা কথাত ভোল গৈ কেরল কর্ণাটক আৰু কেৰালাৰ বিনিয়োগকাৰীয়ে প্রবঞ্চক প্রতিষ্ঠানটোত ৭৫ হেজাৰ ডলাৰ অৰ্থাৎ ৬০ লাখবো অধিক টকা বিনিয়োগ কৰে।

ইতিমধ্যে ফায়াজক ডুবাই আৰক্ষীয়ে আটক কৰিছে।নিজকে ৰক্ষা কৰিবলৈ তদন্তকাৰাক আতুয়া ভ্যধিদলে লোকজনে চেষ্টা চলাইছে। তেওঁ কয়, ‘প্রতিষ্ঠানটোৰ স’তে ফোনত কে’বাবাৰো যোগাযোগৰ চেষ্টা চলাই ব্যর্থ হোৱাৰ পাছত কাৰ্যালয়ত উপস্থিত হৈ দেখিবলৈ পাওঁ যে কাৰ্যালয়টোৰ দুৱাৰ বন্ধ হৈ আছে।’

কার্যালয়টোৰ ভিতৰত তদন্তকাৰীয়ে কেৱল কাগজ-পত্ৰৰ টুকুৰা তথা আরর্জনাহে দেখিবলৈ পায়। সূত্রই প্রকাশ কৰা অনুসৰি প্রথম অবস্থাত গ্রাহকসকলৰ বিশ্বাসভাজন হ’বলৈ প্রতিষ্ঠানটোৱে জমা কৰা ধনৰ বিপৰীতে উচ্চ হাৰৰ মুনাফা আদায় দিয়ে। ইয়াক লৈ বহুতৰে লোভ বৃদ্ধি পায় আৰু আন বহুতেও প্রতিষ্ঠানটোত বিনিয়োগ কৰিবলৈ আগবাঢ়ি আহে।

এনেদৰে প্রতিষ্ঠানটোৱে ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন দেশত জাল পেলায়। এই জালত বন্দী হৈ বৃহৎ সংখ্যক ভাৰতীয় বিনিয়োগকাৰীয়ে কমেও দুশ কোটি টকা হেৰুওৱা বুলি সূত্রই প্রকাশ কৰিছে। সূত্রই প্রকাশ কৰা অনুসৰি ভুৱা প্রতিষ্ঠানটোৱে মাজে সময়ে অনলাইন ট্রেডিং প্রতিষ্ঠানৰো ৰূপ লৈছিল।

এজন বিনিয়োগকাৰীয়ে সংবাদ মাধ্যমক জনোৱা মতে, তেওঁ নিজৰ সঞ্চিত ধনৰ উপৰি ক্রেডিট কার্ড, পত্নীয়ে জমা কৰা ধনো ভুৱা প্রতিষ্ঠানটোৰ হাতত জমা দিয়ে। প্রতিবাৰ ধন জমা দিয়াৰ সময়তে প্রতিষ্ঠানটোরে অধিক ধন জমা কৰিবলৈ তেওঁক উৎসাহিত কৰে বুলি বিনিয়োগকাৰীজনে জনায়।

বিনিয়োগকাৰীজনে প্রকাশ কৰা মতে, ছিগমা রান কেপিটেল নামৰ এটা অনলাইন প্লেটফৰ্মৰ মাধ্যমৰে তেওঁ গাল্ফ ফার্স্ট কমার্চিয়েল বোকাৰ্ছত ধন বিনিয়োগ কৰে। গতিকে এই অলনাইন প্লেটফৰ্মৰ বৈধতাক লৈয়ো প্রশ্ন উত্থাপন হৈছে। ইতিমধ্যে ডুবাই আৰক্ষীয়ে ছিগমা বান কেপিটেলৰ বিৰুদ্ধেও তদন্ত আৰম্ভ কৰিছে।

আৰবৰ প্ৰতিষ্ঠানটোৰ দ্বাৰা প্রবঞ্চিত হোৱা মহম্মদ নামৰ এজন লোকে সংবাদ মাধ্যমক জনোৱা মতে, তেওঁ ভুৱা প্রতিষ্ঠানটোত ৫০ হেজাৰ ডলাৰ অৰ্থাৎ ৪২ লাখ টকা জমা কৰে। মহম্মদেও ছিগমা ৰান কেপিটেলৰ মাধ্যমৰে আৰবৰ প্ৰতিষ্ঠানটোত বিনিয়োগ কৰা বুলি জনায়।

আনহাতে, প্রতিষ্ঠানটোৰ হৈ দালালি কৰা কেৰালাৰ ফায়াজ নামৰ লোকজনে প্রকাশ কৰা অনুসৰি তেবো প্রতিষ্ঠানটোত ধন বিনিয়োগ কৰি প্রবঞ্চিত হয়। প্রথম অবস্থাত তেওঁ প্রতিষ্ঠানটোত এহেজাৰ ডলাৰ বিনিয়োগ কৰে।

এই ধনৰ বিপৰীতে তেওঁ মোটা লাভ অর্জন কৰাত বিনিয়োগৰ পৰিমাণ বৃদ্ধি কৰে বুলি জনায়। অৱশ্যে তেওঁকো তদন্তকাৰী আৰক্ষীয়ে সন্দেহৰ আৱৰ্তত ৰাখিছে।

Exit mobile version